মচলা খেতিৰে কৃষকৰ আয় বৃদ্ধিৰ লক্ষ্য, কৃষিমন্ত্ৰীৰ বৈঠক...

Public Talks
0

 


অসমত মচলাজাতীয় শস্যৰ খেতি সম্প্ৰসাৰণত গুৰুত্ব

মচলা ব’ৰ্ডৰ সৈতে কৃষিমন্ত্ৰী পীযুষ হাজৰীকাৰ বৈঠক

দিশপুৰ, ২০ আগষ্ট: অসমৰ মচলাজাতীয় শস্যৰ উৎপাদন বৃদ্ধি আৰু কৃষকসকলৰ আয় বৃদ্ধিৰ লক্ষ্যৰে খেতিৰ পৰিসৰ সম্প্ৰসাৰণত গুৰুত্ব আৰোপ কৰিছে ৰাজ্যৰ কৃষি বিভাগে।


জনতা ভৱনত কৃষিমন্ত্ৰী পীযুষ হাজৰীকাই ভাৰতীয় মচলা ব’ৰ্ডৰ সচিব এম. এছ. মণিবন্নন আৰু উত্তৰ-পূব ভাৰতৰ আঞ্চলিক কাৰ্যালয়ৰ বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত আদা, হালধি, জালুক, জলকীয়া, নহৰু, ধনীয়া, ইলাচী আৰু তেজপাতকে ধৰি বিভিন্ন মচলাজাতীয় শস্যৰ উৎপাদন বৃদ্ধি, গুণগত মান উন্নয়ন আৰু বজাৰ সুবিধা সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰা হয়।

কৃষিমন্ত্ৰীগৰাকীয়ে কয় যে অসমৰ অনুকূল কৃষি-জলবায়ু মচলাজাতীয় শস্যৰ খেতিৰ বাবে যথেষ্ট সম্ভাৱনাপূৰ্ণ। কৃষকসকলে উৎপাদিত সামগ্ৰীৰ উচিত মূল্য লাভ কৰাৰ লগতে দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ সৈতে সংযোগ শক্তিশালী কৰাৰ ক্ষেত্ৰতো চৰকাৰে মচলা ব’ৰ্ডৰ সৈতে সমন্বিতভাৱে কাম কৰিব।

Tags

Post a Comment

0Comments

Post a Comment (0)