ছ’চিয়েল মিডিয়াত ‘২২০ কোটি টকা খৰচ কৰি মানুহ কুকুৰলৈ ৰূপান্তৰ’ হোৱা বুলি ভাইৰেল হোৱা দাবীটো সম্পূৰ্ণ বিভ্ৰান্তিকৰ। জাপানৰ Toco নামৰ ব্যক্তিজনে কোনো অস্ত্ৰোপচাৰ বা প্লাষ্টিক ছাৰ্জাৰী কৰি কুকুৰলৈ ৰূপান্তৰ হোৱা নাছিল।
তেওঁ Zeppet নামৰ কষ্টিউম নিৰ্মাতা প্ৰতিষ্ঠানৰ পৰা এটা বিশেষ Collie কুকুৰৰ কষ্টিউম নিৰ্মাণ কৰাইছিল। কষ্টিউমটো পৰিধান কৰাৰ পিছত তেওঁক বাহিৰৰ পৰা বাস্তৱ কুকুৰৰ দৰে দেখা গৈছিল।
এই বিশেষ কষ্টিউমটোৰ মূল্য আছিল প্ৰায় ২০ লাখ জাপানী য়েন, অৰ্থাৎ ভাৰতীয় মূল্যত প্ৰায় ১১–১২ লাখ টকা। সেয়ে ‘২২০ কোটি টকা’ৰ দাবীটো ভুৱা আৰু অতিৰঞ্জিত।
সচেতন হওক—ভাইৰেল মানেই সত্য নহয়। খবৰ প্ৰকাশ বা শ্বেয়াৰ কৰাৰ পূৰ্বে তথ্য পৰীক্ষা কৰক।
