কাৰ্বি আংলঙত কৃষি উন্নয়নত মন্ত্ৰী পীযুষ হাজৰীকা
অভিভাৱক মন্ত্ৰী হিচাপে প্ৰথমবাৰ ডিফুত উপস্থিত হৈ কৃষি-জলসিঞ্চন বিভাগৰ পৰ্যালোচনা
ডিফু, ১৯ আগষ্ট: কাৰ্বি আংলঙৰ অভিভাৱক মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে ডিফুৰ তৰালাংছ’ত উপস্থিত হৈ কৃষি, জলসিঞ্চন আদি বিভাগৰ কাম-কাজৰ পৰ্যালোচনা কৰে মন্ত্ৰী পীযুষ হাজৰীকাই। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, বিধায়ক আৰু কাৰ্যবাহী সদস্যসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত কৃষি আন্তঃগাঁথনি পুঁজি (AIF) আৰু বিভিন্ন বিভাগীয় আঁচনিৰ অগ্ৰগতিৰ বুজ লোৱা হয়।
বৈঠকত মন্ত্ৰীগৰাকীয়ে কৃষি-উদ্যোগীসকলক AIF আঁচনিৰ সৰ্বাধিক সুবিধা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। আঁচনিখনৰ অধীনত ৩ শতাংশ সুতৰ ৰেহাইসহ ২ কোটি টকালৈকে ঋণ লাভৰ সুবিধা আছে বুলি উল্লেখ কৰি কৃষি খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ ক্ষেত্ৰত এই আঁচনিৰ সদ্ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে মন্ত্ৰীগৰাকীয়ে।

