জাগীৰোডত টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পৰ পানী যোগান আঁচনিৰ অগ্ৰগতিৰ বুজ
মন্ত্ৰী কৃষ্ণেন্দু পালৰ পৰ্যালোচনা বৈঠক
দিছপুৰ, ১৯ আগষ্ট: টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈ পানী যোগান নিশ্চিত কৰাৰ উদ্দেশ্যে নিৰ্মাণ হৈ থকা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ পানী যোগান আঁচনিৰ অগ্ৰগতিৰ বুজ ল’বলৈ আজি জাগীৰোডত উপস্থিত হয় জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পাল।
মন্ত্ৰীগৰাকীয়ে TSAT WSS—দিনে ১২.৫ মিলিয়ন লিটাৰ পানী যোগান ধৰিব পৰা প্ৰকল্পটোৰ নিৰ্মাণকাৰ্যৰ অগ্ৰগতি পৰিদৰ্শন কৰে। লগতে নগাঁও জিলাৰ উপায়ুক্তৰ উপস্থিতিত এখন পৰ্যালোচনা বৈঠকত মিলিত হৈ আঁচনিখনৰ অগ্ৰগতি আৰু ৰূপায়ণৰ বিভিন্ন দিশৰ বুজ লয়।
টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পলৈ নিৰৱচ্ছিন্ন পানী যোগান নিশ্চিত কৰাৰ লগতে সময়মতে আঁচনিখনৰ কাম সম্পূৰ্ণ কৰাৰ ওপৰত মন্ত্ৰীগৰাকীয়ে গুৰুত্ব আৰোপ কৰে। ৰাজ্যৰ ঔদ্যোগিক বিকাশৰ ক্ষেত্ৰত এই প্ৰকল্পৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি সংশ্লিষ্ট বিভাগ আৰু বিষয়াসকলক সমন্বয়ৰে কাম কৰিবলৈ আহ্বান জনায় মন্ত্ৰী কৃষ্ণেন্দু পালে।

