হাইলাকান্দি-লালাৰ উন্নয়নত নতুন গতি
মন্ত্ৰী কৌশিক ৰায়ৰ পৌৰসভা আৰু পঞ্চায়ত প্ৰতিনিধিৰে বৈঠক
হাইলাকান্দি আৰু লালা অঞ্চলৰ নগৰ তথা গ্ৰাম্য উন্নয়নক লৈ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী কৌশিক ৰায়ৰ সভাপতিত্বত জনতা ভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। বৈঠকত হাইলাকান্দিৰ বিধায়ক ড° মিলন দাস, দুয়োখন পৌৰসভাৰ পৌৰপতি, ৱাৰ্ড কমিছনাৰ আৰু বিভিন্ন গাঁও পঞ্চায়তৰ সভাপতিসকলে অংশগ্ৰহণ কৰে।
বৈঠকত অঞ্চল দুটাৰ পথ-ঘাট, আন্তঃগাঁথনি, নাগৰিক সেৱা, পুঁজি আবণ্টন আৰু উন্নয়নমূলক কাম-কাজৰ লগতে স্থানীয় সমস্যাসমূহৰ ওপৰত আলোচনা কৰা হয়। প্ৰতিনিধিসকলে নিজ নিজ অঞ্চলৰ বিভিন্ন সমস্যা মন্ত্ৰীগৰাকীৰ আগত উত্থাপন কৰে।
মন্ত্ৰী কৌশিক ৰায়ে সমস্যাসমূহ সমাধানৰ বাবে চৰকাৰৰ প্ৰয়োজনীয় সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস দিয়ে। লগতে হাইলাকান্দিৰ পৰিকল্পিত উন্নয়নৰ বাবে হাইলাকান্দি উন্নয়ন প্ৰাধিকৰণ গঠনৰ উদ্যোগ লোৱাৰ কথা ঘোষণা কৰে।
ইয়াৰ উপৰি হাইলাকান্দি আৰু লালা পৌৰসভাৰ পথৰ দাঁতিত ষ্ট্ৰীট লাইট স্থাপনৰ বাবে প্ৰয়োজনীয় পুঁজি প্ৰদান কৰাৰো আশ্বাস দিয়ে মন্ত্ৰীগৰাকীয়ে। অঞ্চলটোৰ নগৰ আৰু গ্ৰাম্য উভয় ক্ষেত্ৰৰ সুষম উন্নয়নৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব তথা পৌৰ প্ৰশাসনৰ ভাৰপ্ৰাপ্ত সঞ্চালক টংকেশ্বৰ দাসসহ বিভাগীয় বিষয়াসকল উপস্থিত থাকে।
