লোকহৰা ফৰেষ্ট গেটত ড্ৰাগছবিৰোধী অভিযান
৮৫.২১ গ্ৰাম হেৰ’ইনসহ দুজনক আটক, চুৰি সামগ্ৰীও জব্দ
গুৱাহাটী, ২১ আগষ্ট: বশিষ্ঠা থানাৰ EGPDৰ এটা দলে গোপন তথ্যৰ ভিত্তিত লোকহৰা ফৰেষ্ট গেটৰ এটা সন্দেহজনক আড্ডাত অভিযান চলাই দুগৰাকী মহিলাক আটক কৰে।
আটকাধীন দুগৰাকীক ক্ৰমে কায়াকুছিৰ জাইটুন নেছা (৩৫) আৰু মৰিগাঁৱৰ ইয়াজান বেগম (৪০) বুলি চিনাক্ত কৰা হৈছে।
আৰক্ষীয়ে তেওঁলোকৰ পৰা ১১টা হেৰ’ইনভৰ্তি কেণ, মুঠ ৮৫.২১ গ্ৰাম হেৰ’ইন, ২০০টা খালী ভায়েল উদ্ধাৰ কৰে। লগতে চুৰি হোৱা ১২টা মোবাইল ফোন, এটা টেবলেট, চাৰ্জাৰসহ এটা লেপটপ, এখন বাহনৰ মিডিয়া বক্স, কেবলসহ ৩টা বাহনৰ বেটাৰী আৰু নগদ ৩,১০০ টকা জব্দ কৰা হয়।
ঘটনাটোৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰি তদন্ত অব্যাহত ৰাখিছে।
.jpg)