জুবিন ক্ষেত্ৰত বজ্ৰপাতৰ অঘটন
বজ্ৰপাতত গছ ভাঙি আহত তিনিগৰাকী মহিলা, ক্ষতিগ্ৰস্ত জুবিনৰ পোষ্টাৰ
গুৱাহাটী, ২৮ আগষ্ট: জুবিন ক্ষেত্ৰত আজি সংঘটিত হয় এক অঘটন। হঠাৎ বজ্ৰপাত পৰি এজোপা গছ ভাঙি পৰাত আতংকৰ সৃষ্টি হয়। এই ঘটনাত তিনিগৰাকী মহিলা সামান্যভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
বজ্ৰপাতৰ ফলত জুবিন গাৰ্গৰ পোষ্টাৰো ক্ষতিগ্ৰস্ত হয়। ঘটনাস্থলীত কেইবাটাও আচৰিত দৃশ্য পৰিলক্ষিত হয়। অঘটনক কেন্দ্ৰ কৰি কিছু সময়ৰ বাবে জুবিন ক্ষেত্ৰত চাঞ্চল্যৰ সৃষ্টি হয়।
