বিবাহ বিচ্ছেদ অবিহনে দ্বিতীয় বিবাহ! চৰকাৰী কৰ্মচাৰীৰ দৰমহা কাটিব ২০%
গুৱাহাটী: আইনী বিবাহ বিচ্ছেদ নকৰাকৈ প্ৰথম পত্নীক এৰি দ্বিতীয় বিবাহ কৰা চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ কথা ঘোষণা কৰিছে অসম চৰকাৰে। এনে কৰ্মচাৰীৰ দৰমহাৰ ২০ শতাংশ কৰ্তন কৰি প্ৰথম পত্নীক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণৰ কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰিছে।
উল্লেখ্য, অসম চৰকাৰৰ সেৱা-আচৰণ বিধিত ইতিমধ্যে জীৱিত পত্নী থকা অৱস্থাত চৰকাৰৰ অনুমতি অবিহনে দ্বিতীয় বিবাহ কৰাত নিষেধাজ্ঞা আছে।
