আয়ুষ্মান ভাৰত–প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাৰ অধীনত চৰকাৰী চিকিৎসালয়সমূহে লাভ কৰা ধন আন্তঃগাঁথনি, চিকিৎসা সঁজুলি আৰু ৰোগী কল্যাণৰ ক্ষেত্ৰত পুনৰ বিনিয়োগ কৰাৰ অসম চৰকাৰৰ পদক্ষেপক সংসদীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ স্থায়ী সমিতিয়ে “Highly Pragmatic and Replicable Model” হিচাপে স্বীকৃতি দিছে।
সমিতিখনে দেশৰ আন ৰাজ্যসমূহৰ চৰকাৰী চিকিৎসালয়সমূহতো এই আৰ্হি ৰূপায়ণৰ বাবে কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ক প্ৰয়োজনীয় SOP প্ৰস্তুত কৰাৰ পৰামৰ্শ আগবঢ়াইছে।
এই গুৰুত্বপূৰ্ণ স্বীকৃতিৰ বাবে সমিতিৰ অধ্যক্ষ ৰাম গোপাল আৰু সদস্যসকলক ধন্যবাদ জ্ঞাপন কৰিছে অসমৰ মুখ্যমন্ত্ৰীয়ে।
