স্বাধীনতা দিৱসৰ দিনা অসমবাসীৰ বাবে গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাজ্যখনত প্ৰশাসনিক সেৱা অধিক সহজলভ্য আৰু জনমুখী কৰাৰ লক্ষ্যৰে ৮টা নতুন উপ-জিলা গঠনৰ কথা ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
নতুন উপ-জিলা গঠনৰ ফলত সংশ্লিষ্ট অঞ্চলসমূহৰ ৰাইজে প্ৰশাসনিক সেৱা আৰু চৰকাৰী সুবিধা অধিক সহজে লাভ কৰিব বুলি আশা কৰা হৈছে। বিশেষকৈ দূৰৱৰ্তী অঞ্চলৰ লোকসকলে বিভিন্ন চৰকাৰী কাম-কাজৰ বাবে জিলা সদৰলৈ অহা-যোৱা কৰিবলগীয়া হোৱা সমস্যাৰ পৰা কিছু সকাহ পাব।
মুখ্যমন্ত্ৰীৰ এই ঘোষণাক ৰাজ্যখনৰ প্ৰশাসনিক বিকেন্দ্ৰীকৰণৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে বিবেচনা কৰা হৈছে।
