কেবিনেট বৈঠকৰ অন্তত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা
বিমানবন্দৰৰ কাষত নিৰ্মাণ হ’ব নতুন চেটেলাইট চিটী। চেটেলাইট চিটী নিৰ্মাণৰ বাবে ২,১০০ কোটি টকাৰ অনুমোদন দিয়া হৈছে।
কেবিনেট বৈঠকৰ অন্তত সংবাদমেলযোগে এই কথা ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। নতুন চেটেলাইট চিটী নিৰ্মাণৰ জৰিয়তে বিমানবন্দৰৰ কাষৰীয়া অঞ্চলৰ আন্তঃগাঁথনি আৰু নগৰীয় বিকাশত নতুন গতি লাভ কৰাৰ আশা কৰা হৈছে।
