নতুন ‘অসম সচিবালয়, বৰাক উপত্যকা’ৰ নামত অনুমোদন
ৰাজ্যিক কেবিনেটৰ বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। কেবিনেটে ‘অসম সচিবালয়, বৰাক উপত্যকা, শিলচৰ’ হিচাপে নামকৰণৰ অনুমোদন জনোৱাৰ লগতে বৰাক উপত্যকাত ৩৬টা গুৰুত্বপূৰ্ণ বিভাগৰ কাৰ্যালয় পৰিচালনাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
শিশু সুৰক্ষাত নতুন নীতি
অসমত ৰাজ্যিক শিশু সুৰক্ষা নীতি, ২০২৬ অনুমোদন কৰা হৈছে। লগতে শিশু সুৰক্ষা আৰু ন্যায় ব্যৱস্থাক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সংশ্লিষ্ট আইন আৰু নিয়মাৱলী কাৰ্যকৰী কৰাৰ ক্ষেত্ৰতো কেবিনেটে অনুমোদন জনায়।
শ্ৰমিক কল্যাণ আৰু উদ্যোগত নতুন পদক্ষেপ
কেবিনেটে অসম ঔদ্যোগিক সম্পৰ্ক বিধি, ২০২৬ আৰু অসম সামাজিক সুৰক্ষা বিধি, ২০২৬ অনুমোদন কৰে। নতুন ব্যৱস্থাই ৰাজ্যৰ উদ্যোগ খণ্ডত বিনিয়োগ বৃদ্ধি, শ্ৰমিকৰ অধিকাৰ সুৰক্ষা আৰু সামাজিক সুৰক্ষা ব্যৱস্থা অধিক শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।
