উজনিৰ বানাক্ৰান্তই দুৰ্গাপূজাৰ পূৰ্বে লাভ কৰিব ক্ষতিপূৰণ: মুখ্যমন্ত্ৰী
দ্বিতীয় পৰ্যায়ত ৩১,৯৫১ পৰিয়াললৈ ১৫ হাজাৰকৈ টকাৰ সাহায্য
গুৱাহাটী: উজনি অসমৰ বানপানীত ক্ষতিগ্ৰস্ত লোকসকলে দুৰ্গাপূজাৰ পূৰ্বে ক্ষতিপূৰণ লাভ কৰিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। প্ৰাৰম্ভিক হিচাপ অনুসৰি বানপানীত প্ৰায় ৪৮০ কোটি টকাৰ সা-সম্পত্তিৰ ক্ষতি হৈছে যদিও এই পৰিমাণ এহেজাৰ কোটি টকাৰো অধিক হ’ব পাৰে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
আজি উজনিৰ চাৰিখন জিলাৰ বানাক্ৰান্ত লোকৰ বাবে দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্য মুকলি কৰা হয়। এই পৰ্যায়ত ৩১,৯৫১টা পৰিয়াললৈ ১৫ হাজাৰকৈ টকা প্ৰদান কৰা হৈছে। ইয়াৰ সৈতে এই পৰ্যন্ত মুঠ ৯৬,৮৪২টা পৰিয়ালে চৰকাৰৰ প্ৰত্যক্ষ সাহায্য লাভ কৰিছে।
ইফালে, বানত ক্ষতিগ্ৰস্ত ঘৰ-দুৱাৰ, বাহনসহ অন্যান্য সম্পত্তিৰ বীমা কৰা ১৭০জন লোকে ইতিমধ্যে বীমাৰ ধন লাভ কৰিছে। আনহাতে, বীমাৰ ধনৰ বাবে ১,৫৯৮জনে আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
৩১ আগষ্টলৈ বানাক্ৰান্তই কৰিব পাৰিব বেংক মৰেটৰিয়ামৰ আবেদন
বানপীড়িত লোকসকলে বেংকৰ ঋণ পৰিশোধত মৰেটৰিয়ামৰ বাবে ৩১ আগষ্টলৈ আবেদন কৰিব পাৰিব। এই পৰ্যন্ত ১,৭১২গৰাকী লোকে এই সন্দৰ্ভত চৰকাৰৰ ওচৰত আবেদন কৰা বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
.jpg)