ইণ্ডোনেছিয়াৰ ফ্ল’ৰেছ দ্বীপৰ উপকূলত শনিবাৰে ৭.৭ প্ৰাবল্যৰ শক্তিশালী ভূমিকম্পই ব্যাপক আতংকৰ সৃষ্টি কৰে। ভূমিকম্পৰ ফলত ঘৰ-বাৰী আৰু বিভিন্ন আন্তঃগাঁথনি ক্ষতিগ্ৰস্ত হোৱাৰ লগতে ভূমিস্খলনৰ সৃষ্টি হয়। বৰ্তমানলৈ কমেও ৪৭জন লোকৰ মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
ভূমিকম্পৰ পাছত ছুনামীৰ সতৰ্কতা জাৰি কৰা হৈছিল যদিও পিছত সতৰ্কতা উঠাই লোৱা হয়। প্ৰায় ২,০০০ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰ কৰা হৈছে। পথ বন্ধ আৰু যোগাযোগ ব্যৱস্থা ব্যাহত হোৱাৰ বাবে দুৰ্গম অঞ্চলসমূহত উদ্ধাৰ অভিযানত বাধাৰ সৃষ্টি হৈছে। উদ্ধাৰকাৰী দলে ধ্বংসাৱশেষৰ মাজত সন্ধান অভিযান অব্যাহত ৰাখিছে।
.jpg)