মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ চতুৰ্বিংশতিতম প্ৰতিষ্ঠা দিৱস উদযাপন
Sunday, November 15, 2026
0
নৰেশ্বৰ হাজৰিকালৈ ‘সমাজ হিতকৰ বঁটা–২০২৬’ প্ৰদান, উন্মোচন অভিনন্দন গ্ৰন্থ
মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ চতুৰ্বিংশতিতম প্ৰতিষ্ঠা দিৱস দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে মাৰ্ঘেৰিটাৰ ইণ্ডিয়া ক্লাবত উদযাপন কৰা হয়। পুৱা সংস্থাৰ সভাপতি ৰাণা জ্যোতি নেওগে পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে সংস্থাৰ উপদেষ্টা ৰামপ্ৰসাদ আম্বেদকাৰে শ্ৰদ্ধাঞ্জলি আৰু স্মৃতি তৰ্পণ অনুষ্ঠান উদ্বোধন কৰে।
সভাপতি ৰাণা জ্যোতি নেওগৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত বিশিষ্ট সাহিত্যিক জগত চাংমাই, তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক বিপ্লৱ চেতিয়া, সংস্থাৰ প্ৰাক্তন সভাপতি ড০ ঋষি দাসকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। সমীৰণ বৰঠাকুৰে আঁত ধৰা সভাত সংস্থাৰ চমু ইতিবৃত্ত দাঙি ধৰে প্ৰাক্তন সভাপতি ৰামপ্ৰসাদ আম্বেদকাৰে।
অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল মাৰ্ঘেৰিটা অঞ্চলৰ বিশিষ্ট সমাজসেৱক, শ্ৰমিক নেতা তথা সাংস্কৃতিক কৰ্মী নৰেশ্বৰ হাজৰিকাৰ জীৱন আৰু কৰ্মৰাজিৰ ওপৰত আধাৰিত অভিনন্দন গ্ৰন্থ উন্মোচন। সমীৰণ বৰঠাকুৰৰ সম্পাদনাত প্ৰকাশিত গ্ৰন্থখন উন্মোচন কৰে মাৰ্ঘেৰিটা শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ সোণোৱালে।
ইয়াৰ উপৰি সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে নৰেশ্বৰ হাজৰিকাক ‘সমাজ হিতকৰ বঁটা–২০২৬’ প্ৰদান কৰা হয়। ভূপেন চন্দ্ৰ নেওগ ন্যাসৰ সহযোগত মাৰ্ঘেৰিটা সাংবাদিক সংস্থাই এই বঁটা প্ৰদান কৰে।
অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে উপস্থিত থাকে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক বিপ্লৱ চেতিয়া, জাগুন প্ৰেছ ক্লাবৰ সভাপতি প্ৰাঞ্জলপ্ৰতীম ভূঞা আৰু মাৰ্ঘেৰিটা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি পাৰ্থপ্ৰতীম গোস্বামী।
আনহাতে, প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি সন্ধিয়ালৈ ‘গীত, কবিতা আৰু সাহিত্যৰ আড্ডা’ শীৰ্ষক এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়। এই অনুষ্ঠানত ভালেসংখ্যক কবি, সাহিত্যিক আৰু শিল্পীয়ে অংশগ্ৰহণ কৰে।
মাৰ্ঘেৰিটাৰ পৰা: বিকি দাস।
Tags
