কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা, যোৰহাটত চিকিৎসাধীন অৱস্থাত ছাত্ৰীৰ মৃত্যু

Public Talks
0


যোৰহাট চিকিৎসা মহাবিদ্যালয়ত ১৭জন আহত ভৰ্তি, দুজনৰ অৱস্থা সংকটজনক

গুৱাহাটী, ১৩ নৱেম্বৰঃ কাজিৰঙাৰ ৰঙাজানত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহতসকলক উন্নত চিকিৎসাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হৈছে। জানিব পৰা মতে, দুৰ্ঘটনাত আহত ১৭জন লোকক হাস্পতালখনত ভৰ্তি কৰোৱা হৈছে। ইয়াৰে দুজনক সংকটজনক অৱস্থাত আই চি ইউত ৰখা হৈছে। ইতিমধ্যে মৃত্যুঞ্জয় সেৱাৰ বাহন আৰু ব্যক্তিগত বাহনযোগে আহতসকলক হাস্পতাললৈ অনা হৈছে।

ইফালে, আহতসকলৰ খবৰ ল’বলৈ আত্মীয়-স্বজনৰ লগতে বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি হাস্পতালখনত উপস্থিত হৈছে। সাংসদ কামাখ্যা প্ৰসাদ তাছাও হাস্পতালত উপস্থিত হৈ আহতসকলৰ স্বাস্থ্যৰ বুজ লয়। দুৰ্ঘটনাৰ ভয়াৱহতাৰ বিষয়ে আহত একাংশই শিহৰণকাৰী অভিজ্ঞতা বৰ্ণনা কৰে। জানিব পৰা মতে, আহত তিনিগৰাকী লোক বৰ্তমানেও কথা ক’ব পৰা অৱস্থাত নাই।

আনহাতে, দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কাজিৰঙাৰ ফাৰহিন ইয়াচমিন নামৰ এগৰাকী ছাত্ৰীৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয়।

উল্লেখ্য যে যোৰহাট অভিমুখী এখন ট্ৰাক আৰু গুৱাহাটী অভিমুখী এখন ট্ৰেভেলাৰৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হয়। ট্ৰেভেলাৰখনত ৩০জনতকৈ অধিক যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। দুৰ্ঘটনাটোত ২৬জনতকৈ অধিক লোকৰ মৃত্যু হোৱা বুলি আশংকা প্ৰকাশ কৰা হৈছে। কহঁৰাৰ বেজাবৈষ্ণৱ চিকিৎসালয়ত মৃতদেহৰ শাৰী পৰিলক্ষিত হোৱাৰ বিপৰীতে বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা আহতসকলক উন্নত চিকিৎসাৰ বাবে গোলাঘাট আৰু যোৰহাটলৈ প্ৰেৰণ কৰা হৈছে।

ইফালে, মন্ত্ৰী অতুল বৰাই নিজে সমগ্ৰ পৰিস্থিতিৰ তদাৰক কৰিছে। ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদকে ধৰি বিভিন্ন জাতীয় সংগঠনৰ বিষয়ববীয়াসকলে হাস্পতালত উপস্থিত হৈ আহতসকলক সহায়ৰ আশ্বাস দিয়াৰ লগতে দুৰ্ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে।

Tags

Post a Comment

0Comments

Post a Comment (0)