কিয়েভৰ দুখন গুৰুত্বপূৰ্ণ দলঙত আঘাত, ব্যাহত পানী আৰু বিদ্যুৎ যোগান।
ইউক্ৰেইনৰ ৰাজধানী কিয়েভত ৰাছিয়াৰ বাহিনীয়ে ড্ৰোন আৰু ক্ষেপণাস্ত্ৰ আক্ৰমণ চলায়। এই আক্ৰমণত ডিনিপ্ৰ’ নদীৰ ওপৰত থকা উত্তৰ আৰু দক্ষিণ দলঙৰ ক্ষতি হোৱাৰ কথা কিয়েভৰ মেয়ৰে প্ৰকাশ কৰিছে। আক্ৰমণৰ ফলত কিছু অঞ্চলত পানী আৰু বিদ্যুৎ যোগান ব্যাহত হোৱাৰ লগতে যাতায়াততো বাধাৰ সৃষ্টি হৈছে।
