পৰমাণু কাৰ্যসূচীক লৈ মতানৈক্য, কূটনৈতিক আলোচনাতো নাই অগ্ৰগতি।
আমেৰিকা আৰু ইৰানৰ মাজত চলি থকা সংঘাত প্ৰায় ন মাহ অতিক্ৰম কৰাৰ পিছতো কোনো সমাধানৰ পথ ওলোৱা নাই। আমেৰিকাই ইৰানৰ ওপৰত নৌ-অৱৰোধ আৰু অৰ্থনৈতিক চাপ অব্যাহত ৰাখিছে। আনহাতে, ইৰানে অৱৰোধ প্ৰত্যাহাৰ, সম্পত্তি মুকলি আৰু তেল ৰপ্তানি পুনৰ আৰম্ভ কৰাৰ দাবী জনাইছে। দুয়োপক্ষৰ মাজত নতুনকৈ সামৰিক সংঘাতৰ আশংকা বৃদ্ধি পাইছে।
