মাৰ্ঘেৰিটা: মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লিডুৰ ঝৰ্ণা বস্তিত বিগত কিছুদিন ধৰি বাট-পথৰ লগতে বাসগৃহসমূহত ফাট মেলাক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী। এনে পৰিস্থিতিৰ মাজতে আজি ঝৰ্ণা বস্তিত উপস্থিত হয় বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহা।
উল্লেখ্য যে, অঞ্চলটোৰ বাট-পথ আৰু বাসগৃহত ফাট মেলাৰ ঘটনাক লৈ স্থানীয় ৰাইজৰ মাজত উদ্বেগৰ সৃষ্টি হৈছে। ইতিমধ্যে মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ বিধায়ক আৰু মাৰ্ঘেৰিটা সমজিলা প্ৰশাসনৰ বিষয়াসকলে অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতি পৰ্যবেক্ষণ কৰিছে।
ইফালে, আজি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই ঝৰ্ণা বস্তিত উপস্থিত হৈ গাঁওবাসীৰ সৈতে মত-বিনিময় কৰে। তেওঁ ফাট মেলা বাসগৃহসমূহ পৰিদৰ্শন কৰাৰ লগতে স্থানীয় ৰাইজৰ সমস্যাসমূহৰ বুজ লয়। অঞ্চলটোৰ সামগ্ৰিক পৰিস্থিতি সন্দৰ্ভতো গাঁওবাসীৰ সৈতে আলোচনাত মিলিত হয় নেতাগৰাকী।
এই সময়ছোৱাত শৃংখল চলিহাৰ সৈতে বীৰ লাচিত সেনাৰ কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে।
মাৰ্ঘেৰিটাৰ পৰা বিকী দাসৰ প্ৰতিবেদন।
