স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো বাঁহৰ দলঙেই যাতায়াতৰ ভৰসা শিলপুখুৰীবাসীৰ, শিলপুখুৰী গাঁও পঞ্চায়তত বাট-পথৰ দুৰৱস্থা

Public Talks
0

 



শিলপুখুৰী গাঁও পঞ্চায়তত বাট-পথৰ দুৰৱস্থা, বাৰিষাত পানীৰ তলত বুৰ যায় পথৰ বৃহৎ অংশ

ধিং, ২৮ অক্টোবৰ: মৰিগাঁও জিলাৰ লাহৰিঘাট বিধানসভা সমষ্টিৰ অন্তৰ্গত শিলপুখুৰী গাঁও পঞ্চায়ত এলেকাৰ জৰাজীৰ্ণ বাট-পথ আৰু বাঁহৰ দলঙে চৰম দুৰ্ভোগৰ সন্মুখীন কৰিছে অঞ্চলবাসীক। স্বাধীনতাৰ ৭৯ বছৰৰ পাছতো জৰাজীৰ্ণ বাঁহৰ দলঙেৰে বিপদসংকুল যাতায়াত কৰিবলৈ বাধ্য হোৱা ৰাইজৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে।

স্থানীয় সূত্ৰে জানিব পৰা মতে, ধিং-জাজৰি পথৰ বড়িবজাৰ আৰক্ষী পহৰা চকীৰ সন্মুখৰ পৰা কুসুমবড়ি হৈ ভেহুগুৰীলৈ যোৱা প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোৰ মাত্ৰ এক কিলোমিটাৰ অংশহে চি চি ব্লকেৰে নিৰ্মাণ কৰা হৈছে। বাকী অংশ দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত জৰাজীৰ্ণ হৈ পৰিছে। লেচেৰি জানৰ পাৰ আৰু দেওৰা বিলৰ কাষেৰে যোৱা এই পথছোৱাত এতিয়াও তিনিখন বাঁহৰ দলং আৰু এখন সাঁকোৰে ৰাইজে যাতায়াত কৰিবলগীয়া হৈছে।

বিশেষকৈ বাৰিষা কালত পথটোৰ প্ৰায় দুই কিলোমিটাৰ অংশ পানীৰ তলত বুৰ যোৱাৰ ফলত ছাত্ৰ-ছাত্ৰী, ৰোগী আৰু সাধাৰণ ৰাইজে যাতায়াতৰ ক্ষেত্ৰত চৰম সমস্যাৰ সন্মুখীন হয়। শিলপুখুৰী, খলপিয়া, কুসুমবড়ি আৰু ভেহুগুৰীকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজৰ বাবে এই পথটোৱেই যাতায়াতৰ অন্যতম প্ৰধান ভৰসা।

পথটোৰ দুৰৱস্থাৰ বিষয়ে গাঁও পঞ্চায়তৰ সভানেত্ৰী মাজনী বেগম, জিলা পৰিষদৰ সদস্য আবু জহিৰ আৰু স্থানীয় বিধায়ক আছিফ মহম্মদ নাজাৰক লিখিত আৰু মৌখিকভাৱে অৱগত কৰাৰ পাছতো কোনো সুফল লাভ কৰা নাই বুলি স্থানীয় ৰাইজে অভিযোগ কৰিছে।

এনে পৰিস্থিতিত অতি শীঘ্ৰে পথটো পুনৰ নিৰ্মাণ কৰাৰ লগতে বাঁহৰ দলংসমূহৰ ঠাইত স্থায়ী পকী দলং নিৰ্মাণৰ ব্যৱস্থা কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে অঞ্চলবাসীয়ে। সংখ্যালঘু গণতান্ত্ৰিক যুৱ-ছাত্ৰ ফেডাৰেচন, অসমেও পথ আৰু দলংসমূহৰ সমস্যা সমাধানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ জৰুৰী হস্তক্ষেপ দাবী কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)