লোকপিয়লত কি কি প্ৰশ্ন সোধা হ’ব? কেতিয়াৰ পৰা আৰম্ভ হ’ব লোকপিয়ল? কোন কোন ৰাজ্যত পৃথক সময়সূচী? কিয় গুৰুত্বপূৰ্ণ এইবাৰৰ লোকপিয়ল?

Public Talks
0


লোকপিয়লত কি কি প্ৰশ্ন সোধা হ’ব?

২০২৭ৰ লোকপিয়লৰ প্ৰশ্নাৱলীত অন্তৰ্ভুক্ত কৰা ৪০টা বিষয়ৰ ভিতৰত উল্লেখযোগ্যসমূহ হৈছে—

১. ব্যক্তিগত আৰু পাৰিবাৰিক পৰিচয়

১. ব্যক্তিৰ নাম।
২. পৰিয়ালৰ মুৰব্বীৰ সৈতে সম্পৰ্ক।
৩. লিংগ।
৪. জন্মৰ তাৰিখ আৰু বয়স।
৫. বৰ্তমানৰ বৈবাহিক স্থিতি।
৬. বিবাহৰ সময়ত বয়স।
৭. স্বামী বা পত্নীৰ নাম।
৮. ব্যক্তিয়ে ঘোষণা কৰা ৰাষ্ট্ৰীয়তা।
৯. ধৰ্ম।
১০. অনুসূচিত জাতি (SC), অনুসূচিত জনজাতি (ST) আৰু জাতি সম্পৰ্কীয় তথ্য।
১১. পিতৃৰ পৰিচয় আৰু বিৱৰণ।
১২. মাতৃৰ পৰিচয় আৰু বিৱৰণ।

২. শিক্ষা, ভাষা আৰু শাৰীৰিক সক্ষমতা

১৩. বিশেষভাৱে সক্ষমতাৰ স্থিতি।
১৪. মাতৃভাষা আৰু জনা আন ভাষাসমূহ।
১৫. সাক্ষৰতা আৰু ডিজিটেল সাক্ষৰতাৰ স্থিতি।
১৬. শিক্ষানুষ্ঠানত অধ্যয়নৰ স্থিতি।
১৭. সৰ্বোচ্চ শৈক্ষিক অৰ্হতা আৰু অধ্যয়নৰ বিষয়।

৩. কৰ্মসংস্থাপন আৰু অৰ্থনৈতিক অৱস্থা

১৮. বিগত এবছৰত কোনো কামত নিয়োজিত আছিল নে নাই।
১৯. অৰ্থনৈতিক কাৰ্যকলাপৰ শ্ৰেণী।
২০. ব্যক্তিৰ বৃত্তি বা পেছা।
২১. উদ্যোগ, ব্যৱসায় বা সেৱাৰ প্ৰকৃতি।
২২. কৰ্মীৰ শ্ৰেণী — নিয়োগকৰ্তা, কৰ্মচাৰী অথবা পাৰিবাৰিক কৰ্মী।
২৩. অৰ্থনৈতিক নোহোৱা কাৰ্যকলাপৰ ধৰণ।
২৪. কৰ্মসংস্থাপন বিচাৰি থকা বা কাম কৰিবলৈ উপলভ্যতাৰ স্থিতি।
২৫. কৰ্মস্থলীলৈ যাতায়াতৰ মাধ্যম আৰু দূৰত্ব।

৪. জন্মস্থান, প্ৰব্ৰজন আৰু বাসস্থান

২৬. ব্যক্তিৰ জন্মস্থান।
২৭. পূৰ্বৰ বাসস্থান।
২৮. প্ৰব্ৰজনৰ কাৰণ।
২৯. বৰ্তমানৰ গাঁও বা চহৰত বসবাসৰ সময়সীমা।
৩০. স্থায়ী বাসগৃহৰ ঠিকনা।

৫. সন্তান আৰু প্ৰজনন সম্পৰ্কীয় তথ্য

৩১. বৰ্তমান জীৱিত সন্তানৰ সংখ্যা।
৩২. জীৱিত অৱস্থাত জন্ম দিয়া মুঠ সন্তানৰ সংখ্যা।
৩৩. বিগত এবছৰত জীৱিত অৱস্থাত জন্ম হোৱা সন্তানৰ সংখ্যা।

উল্লেখ্য যে এই প্ৰশ্নসমূহ সকলোৰে বাবে প্ৰযোজ্য নহয়। বৈবাহিক অৱস্থা আৰু প্ৰশ্নাৱলীত নিৰ্ধাৰিত চৰ্ত অনুসৰি মহিলাসকলকহে এই তথ্য সোধা হ’ব।

৬. স্বাস্থ্য, বেংক আৰু পৰিচয়-পত্ৰৰ তথ্য

৩৪. ক’ভিড-১৯ টিকাকৰণৰ স্থান সম্পৰ্কীয় তথ্য।
৩৫. ব্যক্তিৰ মুঠ বেংক একাউণ্টৰ সংখ্যা।
৩৬. ম’বাইল নম্বৰ (উপলভ্য হ’লে)।
৩৭. আধাৰ নম্বৰ (উপলভ্য হ’লে)।
৩৮. ভোটাৰ পৰিচয়-পত্ৰৰ নম্বৰ (উপলভ্য হ’লে)।
৩৯. ভাৰতীয় পাছপ’ৰ্টৰ নম্বৰ (ভাৰতীয় পাছপ’ৰ্টধাৰী ব্যক্তিৰ ক্ষেত্ৰত)।
৪০. ড্ৰাইভিং লাইচেঞ্চ থকাৰ তথ্য।

এই ৪০টা প্ৰশ্নৰ জৰিয়তে দেশৰ প্ৰতিগৰাকী ব্যক্তিৰ সামাজিক, অৰ্থনৈতিক, শৈক্ষিক আৰু পাৰিবাৰিক অৱস্থাৰ এক বিস্তৃত তথ্যভাণ্ডাৰ প্ৰস্তুত কৰাৰ লক্ষ্য লোৱা হৈছে।

কেতিয়াৰ পৰা আৰম্ভ হ’ব লোকপিয়ল?

কেন্দ্ৰীয় চৰকাৰৰ ৩০ অক্টোবৰ, ২০২৬ তাৰিখৰ অধিসূচনা অনুসৰি, অধিকাংশ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলত ২০২৭ চনৰ ২৫ জানুৱাৰীৰ পৰা ২৮ ফেব্ৰুৱাৰীলৈ ঘৰে ঘৰে গৈ জনসংখ্যা গণনা কৰা হ’ব। ইয়াৰ পিছত ১ মাৰ্চৰ পৰা ৫ মাৰ্চলৈ পুনৰীক্ষণৰ বাবে পৃথক সময় নিৰ্ধাৰণ কৰা হৈছে।

ইয়াৰ পূৰ্বে ১০ জানুৱাৰীৰ পৰা ২৪ জানুৱাৰীলৈ নাগৰিকসকলৰ বাবে অনলাইন Self-Enumeration অৰ্থাৎ নিজে নিজৰ পৰিয়ালৰ তথ্য পঞ্জীয়ন কৰাৰ সুবিধা থাকিব।

কোন কোন ৰাজ্যত পৃথক সময়সূচী?

নিৰ্বাচনমুখী ৰাজ্য আৰু ভৌগোলিক প্ৰত্যাহ্বান থকা অঞ্চলসমূহৰ বাবে পৃথক সময়সূচী নিৰ্ধাৰণ কৰা হৈছে। বৰ্তমানৰ অধিসূচনা অনুসৰি মণিপুৰ, গোৱা, উত্তৰ প্ৰদেশ, পঞ্জাব, উত্তৰাখণ্ড, লাডাখ আৰু হিমাচল প্ৰদেশ তথা জম্মু-কাশ্মীৰৰ বৰফাবৃত নন-চিংক্ৰ’নাছ অঞ্চলসমূহক সাধাৰণ সময়সূচীৰ পৰা পৃথক ৰখা হৈছে।

এই অঞ্চলসমূহত পৰৱৰ্তী সময়ত পৃথক অধিসূচনাৰ জৰিয়তে লোকপিয়লৰ সময়সূচী ঘোষণা কৰা হ’ব।

কিয় গুৰুত্বপূৰ্ণ এইবাৰৰ লোকপিয়ল?

দেশৰ উন্নয়নমূলক পৰিকল্পনা, চৰকাৰী আঁচনি প্ৰস্তুত, শিক্ষা, স্বাস্থ্য, কৰ্মসংস্থাপন, জনসংখ্যাৰ গাঁথনি আৰু আন্তঃগাঁথনি উন্নয়নৰ ক্ষেত্ৰত লোকপিয়লৰ তথ্যই বিশেষ ভূমিকা পালন কৰে।

এইবাৰৰ লোকপিয়লত জাতি সম্পৰ্কীয় তথ্য সংগ্ৰহৰ ব্যৱস্থাই বিশেষ গুৰুত্ব লাভ কৰিছে। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে সকলো জাতিৰ লোকৰ জাতিগত পৰিচয়ৰ বিস্তৃত তথ্য সংগ্ৰহৰ ব্যৱস্থা কৰা হৈছে।

আনহাতে, ডিজিটেল সাক্ষৰতা, আধাৰ, বেংক একাউণ্ট, ম’বাইল নম্বৰ আৰু অন্যান্য পৰিচয় সম্পৰ্কীয় তথ্য অন্তৰ্ভুক্ত কৰাৰ ফলত এইবাৰৰ লোকপিয়লৰ প্ৰশ্নাৱলীও বিশেষ চৰ্চালৈ আহিছে।

উল্লেখ্য যে ভাৰতত লোকপিয়ল আইন, ১৯৪৮ আৰু লোকপিয়ল বিধি, ১৯৯০ৰ অধীনত এই প্ৰক্ৰিয়া সম্পন্ন কৰা হয়। দেশৰ অন্তিমটো লোকপিয়ল ২০১১ চনত অনুষ্ঠিত হৈছিল। সেয়েহে ২০২৭ৰ লোকপিয়লৰ জৰিয়তে দীৰ্ঘদিনৰ মূৰত দেশৰ নতুন জনসংখ্যাগত ছবি পোহৰলৈ অহাৰ সম্ভাৱনা আছে।

Tags

Post a Comment

0Comments

Post a Comment (0)