গুৱাহাটীঃ শাৰদীয় দুৰ্গোৎসৱক আদৰিবলৈ এতিয়া সাজু সমগ্ৰ অসম। আজি ষষ্ঠী। বেদীত প্ৰতিষ্ঠা কৰা হ’ব দেৱী দুৰ্গাৰ মহিষমৰ্দিনী ৰূপ। ৰাজ্যৰ চৌদিশে বিৰাজ কৰিছে এক আধ্যাত্মিক আৰু উৎসৱমুখৰ পৰিৱেশ। দেৱীৰ আগমনৰ লগে লগে দুৰ্গোৎসৱৰ আনন্দ-উলাহেৰে মুখৰিত হৈ পৰিছে অসমৰ আকাশ-বতাহ।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পূজা মণ্ডপসমূহত চলিছে অন্তিম মুহূৰ্তৰ প্ৰস্তুতি। আটকধুনীয়াকৈ সজাই তোলা হৈছে পূজামণ্ডপ, আলোকসজ্জাৰে উজলি উঠিছে ৰাজপথ। ঢাক-ঢোলৰ শব্দ, দেৱীৰ বন্দনা আৰু ভক্তপ্ৰাণ ৰাইজৰ উছাহে সৃষ্টি কৰিছে এক অনন্য শাৰদীয় পৰিৱেশ।
ইফালে, তেজপুৰৰ পূব তেজপুৰ বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ উদ্যোগত আয়োজন কৰা হৈছে দেৱীৰ আগমনি অনুষ্ঠান। এই অনুষ্ঠানে সৃষ্টি কৰিছে এক মায়াময় আৰু ভক্তিময় পৰিৱেশ।
শাৰদীয় দুৰ্গোৎসৱক লৈ ৰাজ্যজুৰি এতিয়া ব্যাপক উছাহ-উদ্দীপনা। দেৱী দুৰ্গাৰ আৰাধনাৰ মাজেৰে অশুভ শক্তিৰ বিনাশ আৰু শুভ শক্তিৰ প্ৰতিষ্ঠাৰ কামনাৰে ভক্তপ্ৰাণ ৰাইজে আদৰিবলৈ সাজু হৈছে মহিষমৰ্দিনী দেৱীক।
