গুৱাহাটী: আগন্তুক দুৰ্গাপূজাৰ প্ৰাক্ক্ষণত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে বিশেষ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, দুৰ্গাপূজাৰ সময়ত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে ১,৫০০ টকাকৈ লাভ কৰিব।
মুখ্যমন্ত্ৰীয়ে কয় যে পূজাৰ সময়ত পৰিয়ালসমূহৰ আৰ্থিক সকাহৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই অতিৰিক্ত সাহায্য প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অৰুণোদয় আঁচনিৰ জৰিয়তে ৰাজ্য চৰকাৰে আৰ্থিকভাৱে দুৰ্বল পৰিয়ালসমূহক নিয়মীয়াকৈ আৰ্থিক সহায় আগবঢ়াই আহিছে।
দুৰ্গাপূজাৰ পূৰ্বে এই ধন হিতাধিকাৰীসকলৰ বেংক একাউণ্টত জমা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ এই সিদ্ধান্তই উৎসৱৰ সময়ত অৰুণোদয় হিতাধিকাৰী পৰিয়ালসমূহক কিছু পৰিমাণে আৰ্থিক সকাহ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।
