ভুৱা চালানসহ দুখন ট্ৰেক্টৰ আৰু এখন ডাম্পাৰ আটক; বন বিভাগৰ ভূমিকা লৈ প্ৰশ্ন
গোসাঁইগাঁওঃ গোসাঁইগাঁৱত পুনৰ পোহৰলৈ আহিছে শিল-বালিৰ অবৈধ ছিণ্ডিকেট চলাৰ অভিযোগ। মহলদাৰ আৰু ট্ৰেক্টৰ-ডাম্পাৰ এছ’চিয়েচনে চলোৱা এক অভিযানত অক্সিগুৰি আৰু অন্থাইবাৰী অঞ্চলৰ পৰা ভুৱা চালান ব্যৱহাৰৰ অভিযোগত দুখন ট্ৰেক্টৰ আৰু এখন ডাম্পাৰ আটক কৰা হয়।
জানিব পৰা মতে, আজি পুৱা চলোৱা অভিযানৰ সময়ত তিনিখন বাহন ভুৱা চালানসহ আটক কৰাৰ পিছতে আইনগত ব্যৱস্থা গ্ৰহণৰ বাবে গোসাঁইগাঁও ডিএফঅ’ক বিষয়টো অৱগত কৰা হয়। অভিযোগ অনুসৰি, প্ৰায় ডেৰ ঘণ্টা অপেক্ষা কৰাৰ পাছতো কোনো বন বিষয়া ঘটনাস্থলীত উপস্থিত নহ’ল। পিছত পুনৰ যোগাযোগৰ চেষ্টা কৰোঁতে ডিএফঅ’ৰ ফোন ব্যস্ত হৈ থকা বুলি জানিব পৰা যায়।
ইফালে, আটক কৰা বাহনৰ চালক আৰু হেণ্ডিমেনে ভুৱা চালান যোগান ধৰাৰ ক্ষেত্ৰত হায়েত আলী, নাছিৰ উদ্দিন আৰু বুঢ়ীচাটাম গাঁৱৰ গাঁওবুঢ়া আজাহৰ আলীৰ নাম উল্লেখ কৰা বুলি অভিযোগ উত্থাপন হৈছে। অৱশ্যে এই অভিযোগসমূহৰ স্বতন্ত্ৰ সত্যতা এই পৰ্যন্ত নিশ্চিত হোৱা নাই।
আনহাতে, অভিযোগ অনুসৰি, একাংশ ছিণ্ডিকেট চক্ৰক প্ৰতিখন বাহনৰ পৰা ৬,০০০ টকাকৈ আদায় দিলে মূল চালান নথকাকৈও বাহন চলাব পৰা যায়। বিপৰীতে, ধন নিদিলে বৈধ চালান থকা বাহনো বন বিভাগে বিভিন্ন অজুহাতত জব্দ কৰি জৰিমনা বিহে বুলি অভিযোগ উঠিছে।
সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি গোসাঁইগাঁৱত শিল-বালিৰ ব্যৱসায়ৰ নামত অবৈধ কাৰবাৰ আৰু তথাকথিত ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে প্ৰশাসন তথা বন বিভাগে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া এতিয়া লক্ষণীয় হৈ পৰিছে। অভিযোগসমূহৰ নিৰপেক্ষ তদন্তৰ জৰিয়তে প্ৰকৃত তথ্য পোহৰলৈ অনাৰ দাবী উঠিছে।