মাছিমপুৰ কুমাৰপাৰাৰ কৰুণ ঘটনাত মৃতকৰ পৰিয়াললৈ ৩ লাখ টকাৰ আৰ্থিক সাহায্য মুখ্যমন্ত্ৰীৰ

Public Talks
0


কাছাৰ জিলাৰ কুমাৰপাৰা অঞ্চলত যোৱা ৩১ জুলাইত সংঘটিত হয় এক শোকাৱহ দুৰ্ঘটনা।এটা পানীৰ টেংকিত পৰি চাৰিজন লোকে প্ৰাণ হেৰুৱাইছিল। ঘটনাটোৱে অঞ্চলটোৰ ওপৰত শোকৰ ছাঁ পেলাইছিল। এই আকস্মিক দুৰ্ঘটনাত আপোনজনক হেৰুৱাই পৰিয়ালকেইটা অত্যন্ত অসহায় পৰিস্থিতিত পৰিবলগীয়া হয়। এই জটিল পৰিস্থিতিত অঞ্চলটোৰ বিধায়ক ডাঃ ৰাজদ্বীপ ৰায়ে উদ্যোগ লৈ মৃতকৰ পৰিয়ালৰ কাষত থিয় দিয়ে। পৰিয়ালটোৰ আৰ্থিক দুৰ্দশা বিবেচনা কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিৰ পৰা আৰ্থিক সাহায্যৰ বাবে আবেদন জনায়। সেই আবেদনৰ পৰিপ্ৰেক্ষিতত মৃতকৰ পৰিয়াললৈ তিনি লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদানৰ সিদ্ধান্ত লোৱা হয়। এই উপলক্ষে শুকুৰবাৰে মসিমপুৰৰ কুমাৰপাৰা অঞ্চলৰ শ্ৰীচৈতন্য মহাপ্ৰভু মন্দিৰত এখন সভাৰ আয়োজন কৰা হয়। অনুষ্ঠানত বিধায়ক ড০ ৰাজদ্বীপ ৰায়ৰ লগতে অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ লগতে মৃতকৰ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে। তাতে বিধায়কগৰাকীয়ে আনুষ্ঠানিকভাৱে মৃতকৰ পৰিয়ালক ৩ লাখ টকাৰ চেক প্ৰদান কৰে। অসহায় পৰিয়ালসমূহৰ কাষত থিয় দি এই আৰ্থিক সাহায্য আগবঢ়োৱাৰ বাবে বিধায়ক ড০ ৰাজদীপ ৰায়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। একে সময়তে অঞ্চলবাসী ৰাইজেও চৰকাৰৰ এই পদক্ষেপক আদৰণি জনাই মুখ্যমন্ত্রীক কৃতজ্ঞতা জ্ঞাপন কৰে৷ মৰ্মান্তিক দুৰ্ঘটনাত আপোনজনক হেৰুৱাৰ বেদনা কোনো ধৰণৰ আৰ্থিক সাহায্যৰ দ্বাৰা ভাল হ’ব নোৱাৰে। অৱশ্যে স্থানীয় ৰাইজে আশা কৰিছে যে চৰকাৰৰ এই সাহায্যই জটিল সময়ত পৰিয়াল সমূহক কিছু আৰ্থিক সকাহ কঢ়িয়াই আনিব। তদুপৰি ভবিষ্যতে যাতে পুনৰ এনে দুৰ্ঘটনা সংঘটিত নহয় তাৰ বাবে পানীৰ টেংকি আৰু অন্যান্য বিপদজনক স্থানত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে।

Tags

Post a Comment

0Comments

Post a Comment (0)