ভাৰতীয় একক পৰিচয় প্ৰাধিকৰণে (ইউ আই ডি এ আই) শুকুৰবাৰে বৰপেটাত এক অত্যাধুনিক আধাৰ সেৱা কেন্দ্ৰ (এ এছ কে) মুকলি কৰে, যাৰ জৰিয়তে বাসিন্দাসকলক আধাৰ পঞ্জীয়ন আৰু আপডেট সেৱাসমূহৰ সহজ আৰু অধিক সুবিধাজনক প্ৰৱেশাধিকাৰ প্ৰদান কৰা হ'ব। বৰপেটাৰ মুছলিমপট্টীৰ পশু চিকিৎসা হাস্পাতালৰ বিপৰীতে থকা পুৰণি বাছ ষ্টেণ্ডৰ ওচৰৰ সৰ্বানন্দ পথত অৱস্থিত এই কেন্দ্ৰটোত পাঁচটা কাৰ্য্যকৰী কিট আছে আৰু আধাৰ পঞ্জীয়ন, জনগাঁথনিগত তথা বায়োমেট্রিক আপডেট, অভিযোগ নিষ্পত্তিৰ দৰে সেৱা কেন্দ্ৰটোত উপলব্ধ।
কেন্দ্ৰটো উদ্বোধন কৰে বৰপেটা বিধানসভা সমষ্টিৰ বিধায়ক দীপক কুমাৰ দাসে। অনুষ্ঠানত অতিৰিক্ত জিলা আয়ুক্ত আৰু বৰপেটা জিলাৰ আধাৰ নডেল বিষয়া প্ৰাঞ্জল প্ৰতিম কোঁৱৰ আৰু গুৱাহাটীৰ ইউ আই ডি এ আই আঞ্চলিক কাৰ্যালয়ৰ সঞ্চালক লেফটেনেন্ট কৰ্ণেল স্বপন কুমাৰ ছাক্সেনাৰ লগতে অন্যান্য বিশিষ্ট অতিথিসকল উপস্থিত আছিল।
উদ্বোধনৰ সময়ত, বিধায়ক দাসে কেন্দ্ৰটো পৰিদৰ্শন কৰা বাসিন্দাসকল আৰু এএছকেৰ কৰ্মচাৰীসকলৰ সৈতে বাৰ্তালাপ কৰে। তেওঁ আধাৰ পঞ্জীয়ন আৰু আপডেট প্ৰক্ৰিয়াৰ বিষয়ে অনুসন্ধান কৰে আৰু কেন্দ্ৰটোত উপলব্ধ সুবিধাসমূহৰ পৰ্যালোচনা কৰে। তেওঁ ইউ আই ডি এ আই-ৰ পদক্ষেপক প্ৰশংসা কৰে আৰু বৰপেটা তথা কাষৰীয়া অঞ্চলৰ লোকসকলক আধাৰ সম্পৰ্কীয় সেৱাৰ বাবে নতুনকৈ মুকলি কৰা কেন্দ্ৰটো ব্যৱহাৰ কৰিবলৈ আহ্বান জনায়।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি ইউ আই ডি এ আই-ৰ সঞ্চালক লেফটেনেণ্ট কৰ্ণেল স্বপন কুমাৰ ছাক্সেনাই বৰপেটা জিলাত আধাৰ পঞ্জীয়নৰ পৰিপূৰ্ণতা প্ৰাপ্ত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ লগতে ৫ৰ পৰা ১৭ বছৰ বয়সৰ শিশুৰ বাবে বাধ্যতামূলক বায়োমেট্রিক আপডেট (এম বি ইউ) ৰ প্ৰয়োজনীয়তাৰ ওপৰতো আলোকপাত কৰে। তেওঁ কয় যে আধাৰ সক্ৰিয় হৈ থকাটো নিশ্চিত কৰিবলৈ আৰু আধাৰ প্ৰমাণীকৰণৰ প্ৰয়োজন হোৱা সেৱাসমূহৰ নিৰবিচ্ছিন্ন প্ৰৱেশাধিকাৰৰ সুবিধাৰ বাবে সময়মতে বায়োমেট্রিক আপডেট কৰাটো গুৰুত্বপূৰ্ণ। তেওঁ বিশেষকৈ নীট আৰু জে ই ই-ৰ দৰে প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে পঞ্জীয়নকে ধৰি বিভিন্ন উদ্দেশ্যৰ বাবে আধাৰ প্ৰমাণীকৰণৰ প্ৰয়োজন হোৱা শিক্ষাৰ্থীসকলৰ বাবে ইয়াৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে।
অভিযোগ পঞ্জীয়ন আৰু সমাধানৰ বাবে ব্যক্তিগতভাৱে আঞ্চলিক কাৰ্যালয়লৈ যাব বিচৰা বাসিন্দাসকলৰ বাবে এটা টোকেন ব্যৱস্থাপনা ব্যৱস্থাও (টি এম এছ) উপলব্ধ কৰা হৈছে। এই ব্যৱস্থাৰ অধীনত, বাসিন্দাসকলে কাৰ্যালয়লৈ যোৱাৰ আগতে অনলাইনত এটা সুবিধাজনক তাৰিখ আৰু সময় বুক কৰিব পাৰে, যিয়ে তেওঁলোকৰ অপ্ৰয়োজনীয় অপেক্ষা পৰিহাৰ কৰাত সহায় কৰিব পাৰে। বাসিন্দাসকলে অনলাইন টোকেন ব্যৱস্থাপনাৰ জৰিয়তে ইয়াত এপইণ্টমেণ্ট বুক কৰিব পাৰেঃ https://guwahati. generatetoken.page/
ইউ আই ডি এ আই-এ ইতিমধ্যে গুৱাহাটী, উত্তৰ লক্ষীমপুৰ, ডিব্ৰুগড়, বঙ্গাইগাঁও আৰু শিলচৰত আধাৰ সেৱা কেন্দ্ৰ স্থাপন কৰিছে। সমগ্ৰ অসমত আধাৰ সেৱাসমূহৰ প্ৰৱেশাধিকাৰ অধিক সম্প্ৰসাৰিত কৰিবলৈ নঁগাৱ, ৰঙিয়া, ধুবৰী আৰু গোৱালপাৰা জিলাত অতিৰিক্ত এএছকেৰ পৰিকল্পনা কৰা হৈছে।
