নতুন দিল্লী: শাৰীৰিক প্ৰত্যাহ্বানক নেওচি একাগ্ৰতা, কঠোৰ পৰিশ্ৰম আৰু আত্মবিশ্বাসেৰে ইতিহাস ৰচনা কৰিছিল ইৰা সিংঘালে। UPSC অসামৰিক সেৱা পৰীক্ষাত All India Rank 1 লাভ কৰি তেওঁ সমগ্ৰ দেশতে প্ৰথম স্থান দখল কৰে।
এসময়ত শাৰীৰিক কাৰণ দেখুৱাই তেওঁক প্ৰশাসনিক সেৱাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল। কিন্তু সেই বাধাই ইৰা সিংঘালৰ সংকল্প ভাঙিব নোৱাৰিলে। পুনৰ সফলতাৰে UPSC উত্তীৰ্ণ হৈ তেওঁ প্ৰমাণ কৰিলে যে শাৰীৰিক প্ৰত্যাহ্বান কেতিয়াও প্ৰতিভা, শিক্ষা আৰু সাফল্যৰ পথত বাধা হ’ব নোৱাৰে।
যি প্ৰশাসনে এদিন তেওঁক নাকচ কৰিছিল, অৱশেষত সেই একেটা প্ৰশাসনেই তেওঁৰ মেধা আৰু যোগ্যতাক স্বীকাৰ কৰিবলৈ বাধ্য হ’ল। ইৰা সিংঘালৰ এই সাফল্য আজিও অদম্য সাহস আৰু আত্মবিশ্বাসৰ এক অনুপ্ৰেৰণাদায়ক উদাহৰণ।
