‘সকলোৰে মাজত একো একোজন জুবিন গাৰ্গ প্ৰাণ পাই উঠিছে’

Public Talks
0


‘সকলোৰে মাজত একো একোজন জুবিন গাৰ্গ প্ৰাণ পাই উঠিছে’

শিৱসাগৰৰ বানপীড়িতৰ কাষত গৰিমা গাৰ্গ

শিৱসাগৰৰ বেতবাৰী অঞ্চলত বানপীড়িত লোকসকলৰ মাজত সাহায্য বিতৰণ কৰি প্ৰয়াত শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত ঐক্যবদ্ধভাৱে আগবাঢ়ি অহা ৰাইজক প্ৰশংসা কৰে গৰিমা গাৰ্গে।

গৰিমা গাৰ্গে কয়, ‘জুবিন গাৰ্গৰ শক্তিৰে আমি সকলোৱে একলগ হৈ ওলাই আহিছোঁ। সকলোৰে মাজত একো একোজন জুবিন গাৰ্গ প্ৰাণ পাই উঠিছে।’ তেওঁ লগতে কয়, ‘মানুহ মানুহৰ বাবে থিয় হৈছে—আমাৰ কাৰণে এয়া এক ডাঙৰ শক্তি।’

বানপীড়িতসকলৰ দুৰ্দশাৰ সময়ত সহায়ৰ হাত আগবঢ়াই মানৱীয়তাৰ এক উজ্জ্বল নিদৰ্শন দাঙি ধৰা ৰাইজৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে গৰিমা গাৰ্গে।

Tags

Post a Comment

0Comments

Post a Comment (0)