লোকপিয়লত ‘ৰাজবংশী’ মাতৃভাষা লিখাৰ আহ্বান আক্ৰাছুৰ

Public Talks
0

 


বঙাইগাঁও, ১২ আগষ্ট: ২০২৬ চনৰ লোকপিয়লত কোঁচ ৰাজবংশী জনগোষ্ঠীৰ মাতৃভাষা ‘ৰাজবংশী’ আৰু জনগোষ্ঠীয় পৰিচয় ‘কোঁচ ৰাজবংশী’ হিচাপে লিপিবদ্ধ কৰিবলৈ আহ্বান জনাইছে সদৌ কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু)-ৰ অবিভক্ত গোৱালপাৰা জিলা সমিতিৰ সভাপতি প্ৰদীপ ৰায়ে।

ধুবুৰী জিলাৰ তামাৰহাট বি এছ ক্লাবত অনুষ্ঠিত এখন সভাৰ পিছত সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰায়ে অভিযোগ কৰে যে, অসমীয়া ভাষাক মাতৃভাষা হিচাপে উল্লেখ কৰাৰ ফলত কোঁচ ৰাজবংশী জনগোষ্ঠীয়ে নিজৰ স্বকীয় ভাষা, কলা-কৃষ্টি আৰু অধিকাৰৰ ক্ষেত্ৰত সংকটৰ সন্মুখীন হৈছে।

তেওঁ কয় যে পৃথক কমতাপুৰ ৰাজ্য গঠন, জনজাতিকৰণ আৰু মাতৃভাষাৰ সাংবিধানিক স্বীকৃতিকে ধৰি বিভিন্ন দাবীত জনগোষ্ঠীটোৱে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আহিছে। কোঁচ ৰাজবংশী জাতীয় সংগঠনসমূহ আৰু কোঁচ ৰাজবংশী সাহিত্য সভাৰ সৈতে আলোচনাৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ জানিবলৈ দিয়ে।

ইতিমধ্যে অসমৰ লগতে পশ্চিমবংগ আৰু অন্যান্য ৰাজ্যত বসবাস কৰা কোঁচ ৰাজবংশী লোকসকলৰ মাজত এই সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত কৰি থকা হৈছে বুলিও ৰায়ে উল্লেখ কৰে।

— বঙাইগাঁৱৰ পৰা ষ্টাফ ৰিপ’ৰ্টাৰ প্ৰফুল্ল কুমাৰ দাস

Tags

Post a Comment

0Comments

Post a Comment (0)