ছাত্ৰ-ছাত্ৰীলৈ মাহিলী আৰ্থিক সহায়, আৰম্ভ ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’

Public Talks
0


 মুখ্যমন্ত্ৰীয়ে আজি ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ অনলাইন আবেদনপত্ৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। এই আঁচনিৰ অধীনত একাদশ–দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলে মাহিলী ৮০০ টকা, স্নাতক ছাত্ৰীসকলে ১,২৫০ টকা আৰু স্নাতকোত্তৰ ছাত্ৰীসকলে ২,৫০০ টকা লাভ কৰিব। আনহাতে, ‘নিযুত বাবু’ আঁচনিৰ অধীনত স্নাতক পাঠ্যক্ৰমৰ ছাত্ৰসকলে প্ৰতিমাহে ১,০০০ টকা আৰু স্নাতকোত্তৰ ছাত্ৰসকলে ২,০০০ টকাকৈ আৰ্থিক সহায় লাভ কৰিব। এই আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলক উচ্চ শিক্ষা অব্যাহত ৰখাত উৎসাহিত কৰাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে।

Tags

Post a Comment

0Comments

Post a Comment (0)