গুৱাহাটী, ৮ আগষ্ট: গ্ৰাহকৰ বাবে নতুন দুটা OTT পাছ মুকলি কৰিছে ৰিলায়েঞ্চ জিঅ’ই। ৫৫২ টকাৰ পাছত ৮৪ দিনৰ বৈধতাৰ সৈতে ৯০ জিবি হাই-স্পীড ডাটা আৰু আনলিমিটেড ৫জি সুবিধা লাভ কৰিব গ্ৰাহকে। আনহাতে, ২,০০০ টকাৰ বাৰ্ষিক পাছত ৩৬৫ দিনৰ বৈধতাৰ সৈতে ৩৬৫ জিবি ডাটা আৰু আনলিমিটেড ৫জি প্ৰদান কৰা হৈছে।
দুয়োটা পাছতে JioTVৰ জৰিয়তে ১,০০০ৰো অধিক লাইভ টিভি চেনেল আৰু ১৫টা প্ৰিমিয়াম ষ্ট্ৰীমিং প্লেটফৰ্মৰ সুবিধা থাকিব। লগতে নিৰ্বাচিত OTT পাছত Amazon Prime, YouTube Premiumসহ বিভিন্ন বিনোদনমূলক সেৱা উপলব্ধ হ’ব।
এই পাছসমূহ সক্ৰিয় বেচ প্লেন থকা জিঅ’ গ্ৰাহকৰ বাবে প্ৰযোজ্য।
.jpg)