বাল্যবিবাহৰ পিছত এইবাৰ বহুবিবাহ বন্ধ কৰিব অসম চৰকাৰে

Public  talks
0

বাল্যবিবাহৰ পিছত এইবাৰ বহুবিবাহ বন্ধ কৰিব অসম চৰকাৰে। ডিচেম্বৰৰ ভিতৰত অসমত বন্ধ হ’ব বহুবিবাহ। এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । বিহাৰৰ নালন্দাত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে বহুবিবাহ নিষেধ কৰাৰ কথা। ‘‘ৰাষ্ট্ৰীয় পৰ্যায়ত বহুবিবাহক লৈ কি কৰে নাজানো, অসমত আইন অনা হ’ব। ডিচেম্বৰৰ ভিতৰত বহুবিবাহৰ বিৰুদ্ধে বিধেয়ক অনা হ’ব। জনসাধাৰণৰ পৰামৰ্শ লোৱা হৈছে, আইনী দিশসমূহ চোৱা হৈছে। ড্ৰাফ্ট প্ৰস্তুত কৰা হৈ আছে। ডিচেম্বৰৰ ভিতৰত আমি বহুবিবাহ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ এখন বিধেয়ক গৃহীত কৰিম।’’

Post a Comment

0Comments

Post a Comment (0)