চাইবাৰ নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰিবলৈ হোৱাইট হাউছক আহ্বান।
আমেৰিকাৰ কেইবাগৰাকীও চিনেটৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়ত সংঘটিত হ’ব পৰা চাইবাৰ আক্ৰমণৰ আশংকা প্ৰকাশ কৰিছে। দেশখনৰ গুৰুত্বপূৰ্ণ প্ৰযুক্তিগত আন্তঃগাঁথনি আৰু চৰকাৰী ব্যৱস্থাৰ সুৰক্ষাৰ ক্ষেত্ৰত বৰ্তমানৰ প্ৰতিৰক্ষা ব্যৱস্থা পৰ্যাপ্ত নহয় বুলি উদ্বেগ প্ৰকাশ কৰি হোৱাইট হাউছক অধিক ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ আহ্বান জনাইছে।
