আমুল আৰু মাদাৰ ডেইৰীৰ গাখীৰৰ প্ৰতি লিটাৰত ২ৰ পৰা ৪ টকালৈ মূল্যবৃদ্ধি
নতুন দিল্লীঃ আজিৰে পৰা বৃদ্ধি পালে গাখীৰৰ দাম। আমুল আৰু মাদাৰ ডেইৰীয়ে গাখীৰৰ মূল্য প্ৰতি লিটাৰত ২ৰ পৰা ৪ টকালৈ বৃদ্ধি কৰাৰ ফলত পুনৰ মাধমাৰ পৰিছে সাধাৰণ গ্ৰাহকৰ মূৰত। নতুন নিৰিখ অনুসৰি, আমুল তাজা গাখীৰৰ প্ৰতি লিটাৰৰ দাম ৬২ টকা আৰু আমুল গোল্ডৰ দাম ৮০ টকালৈ বৃদ্ধি পাইছে।
গাখীৰৰ এই মূল্যবৃদ্ধিৰ ফলত দৈনন্দিন খাদ্য তালিকাত গাখীৰ ব্যৱহাৰ কৰা পৰিয়ালসমূহৰ মাহিলি ব্যয় বৃদ্ধি পোৱাটো নিশ্চিত। বিশেষকৈ শিশু, বৃদ্ধ আৰু গাখীৰৰ ওপৰত নিৰ্ভৰশীল পৰিয়ালসমূহে এই মূল্যবৃদ্ধিৰ প্ৰভাৱ অনুভৱ কৰিব।
উল্লেখ্য যে, গাখীৰৰ দাম বৃদ্ধিৰ ফলত কেৱল ঘৰুৱা ব্যয়েই নহয়, চাহৰ দোকান, মিঠাইৰ ব্যৱসায় আৰু অন্যান্য খাদ্যসামগ্ৰীৰ উৎপাদন ব্যয়তো প্ৰভাৱ পৰিব পাৰে। নিত্যব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ মাজতে গাখীৰৰ নতুন মূল্যই সাধাৰণ গ্ৰাহকৰ ওপৰত অতিৰিক্ত আৰ্থিক বোজা বৃদ্ধি কৰিছে।
