দীপাৱলীৰ উপহাৰত মহিলা কৰ্মচাৰীৰ মুখত হাঁহি বিৰিঙালে ব্যৱসায়ীয়ে

Public Talks
0


গুজৰাটৰ চুৰাটৰ এগৰাকী বস্ত্ৰ ব্যৱসায়ীয়ে নিজৰ প্ৰতিষ্ঠানৰ ২০গৰাকী মহিলা কৰ্মচাৰীক দীপাৱলীৰ উপহাৰ হিচাপে প্ৰতিগৰাকীক এক লাখ টকাতকৈ অধিক ধন প্ৰদান কৰা বুলি প্ৰকাশ পাইছে। উপহাৰ লাভ কৰি কৰ্মচাৰীসকল আৱেগিক হৈ পৰা দৃশ্যই ছ’চিয়েল মিডিয়াত বিশেষ চৰ্চা লাভ কৰিছে।

গুজৰাটৰ চুৰাটৰ বস্ত্ৰ ব্যৱসায়ী ৰামস্বৰূপ মুণ্ডে (Mahadev Cloth Centre-ৰ স্বত্বাধিকাৰী) শেহতীয়াকৈ দীপাৱলীৰ বোনাছ হিচাপে নিজৰ কৰ্মচাৰীসকলক এক অভূতপূৰ্ব উপহাৰ দি সমগ্ৰ দেশতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। তেওঁ সাধাৰণ মিঠাই বা কাপোৰৰ সলনি নিজৰ প্ৰতিগৰাকী মহিলা কৰ্মচাৰীৰ হাতত ১ লাখ টকাকৈ নগদ ধনৰ টোপোলা তুলি দিয়ে।


ব্যৱসায়ীজনে তেওঁৰ ২০ গৰাকী মহিলা কৰ্মচাৰীৰ কঠোৰ পৰিশ্ৰম আৰু নিষ্ঠাক সন্মান জনাই মুঠ ২০ লাখ টকাৰ এই বোনাছ প্ৰদান কৰে। পূজাৰ থালত সজাই থোৱা নতুন নোটৰ বাণ্ডিলসমূহ মালিকে তেওঁৰ পত্নীৰ হাতেৰে কৰ্মচাৰীসকলৰ মাজত বিতৰণ কৰায়। এই অপ্ৰত্যাশিত উপহাৰ পাই বহুকেইগৰাকী কৰ্মচাৰী আৱেগিক হৈ কান্দি পেলায় আৰু মালিকক সাৱটি ধৰি কৃতজ্ঞতা জ্ঞাপন কৰে। ছচিয়েল মিডিয়াত এই সমগ্ৰ ঘটনাটোৰ আৱেগিক ভিডিঅ’টো অতি কম সময়ৰ ভিতৰতে ভাইৰেল হৈ পৰে।

Post a Comment

0Comments

Post a Comment (0)