প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ১২.৬ লাখ কোটি টকাৰ ঋণ প্ৰদানৰ লক্ষ্য
ঋণ নিশ্চয়তা মাচুল ১ শতাংশৰ পৰা হ্ৰাস কৰি ০.৭৫ শতাংশ নিৰ্ধাৰণ
গুৱাহাটী, ১২ নৱেম্বৰঃ দেশৰ ক্ষুদ্ৰ উদ্যোগসমূহক বিত্তীয় সাহায্য প্ৰদান আৰু ঋণ লাভৰ সুবিধা অধিক সম্প্ৰসাৰণৰ লক্ষ্যৰে ক্ষুদ্ৰ উদ্যোগৰ বাবে ঋণ নিশ্চয়তা পুঁজি (CGFMU) আৰু পাঁচ বছৰৰ বাবে অব্যাহত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত ২০৩১ চনৰ ৩১ মাৰ্চ পৰ্যন্ত এই পুঁজি অব্যাহত ৰখাৰ প্ৰস্তাৱত অনুমোদন জনোৱা হয়। লগতে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত অহা পাঁচ বছৰত ১২.৬ লাখ কোটি টকাৰ ঋণ প্ৰদানৰ সুবিধাৰ্থে ৫,০০০ কোটি টকাৰ পুঁজিত অনুমোদন জনোৱা হৈছে।
উল্লেখ্য যে, এই আঁচনিৰ অধীনত নেশ্যনেল ক্ৰেডিট গেৰাণ্টী ট্ৰাষ্টী কোম্পানী লিমিটেডৰ (NCGTC) জৰিয়তে ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহক ঋণ পৰিশোধত ব্যৰ্থ হোৱাৰ আশংকাৰ বিপৰীতে ঋণ নিশ্চয়তাৰ সুবিধা প্ৰদান কৰা হয়। ২০১৬ চনৰ জানুৱাৰী মাহত আৰম্ভ হোৱা এই পুঁজিয়ে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ক্ষুদ্ৰ উদ্যোগসমূহলৈ ঋণৰ প্ৰবাহ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।
চৰকাৰী তথ্য অনুসৰি, ২০২৬ চনৰ ছেপ্টেম্বৰ মাহলৈকে প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহে ৬০.৩৬ কোটিৰো অধিক ঋণ মঞ্জুৰ কৰিছে, যাৰ মুঠ পৰিমাণ হৈছে ৪৩.৩৪ লাখ কোটি টকা।
আঁচনিখনৰ অধীনত প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ (PMMY) যোগ্য ক্ষুদ্ৰ উদ্যোগসমূহক ২০ লাখ টকালৈকে ঋণ প্ৰদানৰ বাবে ঋণ নিশ্চয়তা আগবঢ়োৱা হ'ব। ইয়াৰ উপৰি, প্ৰধানমন্ত্ৰী জন-ধন যোজনাৰ (PMJDY) অধীনত বেংক একাউণ্টৰ জৰিয়তে প্ৰদান কৰা ১০ হাজাৰ টকালৈকে অভাৰড্ৰাফ্টৰ সুবিধা আৰু ১০ লাখৰ পৰা ২০ লাখ টকাৰ ঋণ লাভ কৰা যোগ্য স্ব-সহায়ক গোটসমূহকো এই নিশ্চয়তা ব্যৱস্থাৰ আওতালৈ অনা হৈছে।
ঋণ নিশ্চয়তাৰ পৰিসৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত কাৰ্যকৰী মূলধনৰ বাবে প্ৰকৃততে বিতৰণ কৰা ঋণৰ পৰিমাণ আৰু ম্যাদী ঋণৰ ক্ষেত্ৰত বাকী থকা ঋণৰ পৰিমাণ বিবেচনা কৰা হ'ব। ইয়াৰ ফলত ঋণ প্ৰদানকাৰী প্ৰতিষ্ঠানসমূহৰ প্ৰকৃত বিত্তীয় বিপদাশংকাৰ পৰিমাণ প্ৰতিফলিত হ'ব।
আঁচনিখনৰ আন এক উল্লেখযোগ্য দিশ হৈছে ঋণ নিশ্চয়তা মাচুল হ্ৰাস। পূৰ্বৰ বছৰি ১ শতাংশৰ পৰা এই মাচুল ০.৭৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। অৱশ্যে, স্ব-সহায়ক গোটসমূহৰ ক্ষেত্ৰত পূৰ্বৰ মাচুলৰ ব্যৱস্থা অব্যাহত থাকিব। সেই অনুসৰি, প্ৰথম বছৰৰ বাবে ০.২৫ শতাংশ আৰু পৰৱৰ্তী বছৰসমূহৰ বাবে ০.৫০ শতাংশ নিশ্চয়তা মাচুল নিৰ্ধাৰণ কৰা হৈছে।
ষোড়শ বিত্ত আয়োগৰ কাৰ্যকালৰ সৈতে সংগতি ৰাখি ২০২৬–২৭ বিত্তীয় বৰ্ষৰ পৰা ২০৩০–৩১ বিত্তীয় বৰ্ষলৈ প্ৰধানমন্ত্ৰী মুদ্ৰা যোজনাৰ অধীনত প্ৰদান কৰা ঋণসমূহৰ ক্ষেত্ৰত এই আঁচনি প্ৰযোজ্য হ'ব।
কেন্দ্ৰীয় চৰকাৰৰ মতে, এই ব্যৱস্থাই জামিনবিহীন ঋণৰ সুবিধা লাভৰ জৰিয়তে পূৰ্বতে আনুষ্ঠানিক বেংকিং ব্যৱস্থাৰ পৰা ঋণ লাভ কৰাত অসুবিধাৰ সন্মুখীন হোৱা নতুন প্ৰজন্মৰ উদ্যোগীসকলক উৎসাহিত কৰিব। বিশেষকৈ যুৱ উদ্যোগীসকলক নিজা ব্যৱসায় আৰম্ভ কৰা আৰু বৰ্তমানৰ ব্যৱসায় সম্প্ৰসাৰণৰ ক্ষেত্ৰত সহায় কৰাৰ লগতে ক্ষুদ্ৰ উদ্যোগৰ বিকাশ, কৰ্মসংস্থাপন সৃষ্টি আৰু দেশৰ অৰ্থনৈতিক বিকাশত ইতিবাচক ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।
