চৰাইদেউৰ সাপেখাতীত বীৰ বীৰচা মুণ্ডাৰ ১৫১সংখ্যক জন্মজয়ন্তী উদযাপন

Public Talks
0



বিভিন্ন কাৰ্যসূচীৰে বৰটিমন চাহ বাগিচাত মহান জননায়কগৰাকীক স্মৰণ

চৰাইদেউ, ১৫ নৱেম্বৰ: আজি ১৫ নৱেম্বৰ। ভাৰতৰ আদিবাসী সমাজৰ গৌৰৱ, মহান স্বাধীনতা সংগ্ৰামী তথা জননায়ক বীৰ বীৰচা মুণ্ডাৰ ১৫১সংখ্যক জন্মজয়ন্তী। সমগ্ৰ দেশৰ লগতে চৰাইদেউ জিলাৰ সাপেখাতীতো বিভিন্ন কাৰ্যসূচীৰে মহান স্বাধীনতা সংগ্ৰামীগৰাকীৰ জন্মজয়ন্তী উদযাপন কৰা হয়।

সদৌ অসম হো সমাজৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত, আঞ্চলিক সমিতি আৰু সমূহ প্ৰাথমিক সমিতিৰ সহযোগত তথা বৰটিমন চাহ বাগিচাৰ ৰাইজৰ সহায়-সহযোগত সাপেখাতীৰ বৰটিমন চাহ বাগিচাৰ খেলপথাৰত এই জন্মজয়ন্তী উদযাপন কৰা হয়।

উল্লেখ্য যে, বীৰ বীৰচা মুণ্ডা আছিল ব্ৰিটিছ ঔপনিৱেশিক শাসন আৰু শোষণৰ বিৰুদ্ধে যুঁজ দিয়া এগৰাকী মহান জননায়ক। আদিবাসী সমাজৰ অধিকাৰ, স্বাভিমান আৰু স্বাধীনতাৰ হকে আগবঢ়োৱা তেওঁৰ সংগ্ৰামী অৱদানৰ বাবে আজিও দেশবাসীৰ মাজত তেওঁ স্মৰণীয় হৈ আছে।

Tags

Post a Comment

0Comments

Post a Comment (0)