শিলচৰ ,৪অক্টোবৰ:উত্তৰ-পূব সীমান্ত ৰে’লৱেই প্ৰযুক্তি আধাৰিত ব্যৱস্থা, অধিক সতৰ্কতা আৰু বন বিভাগৰ সৈতে ঘনিষ্ঠ সমন্বয়েৰে হাতী আৰু ৰে’লৰ সংঘৰ্ষ প্ৰতিৰোধৰ প্ৰচেষ্টা অধিক তীব্ৰতৰ কৰি তুলিছে। ২০২৬ বৰ্ষৰ জানুৱাৰীৰ পৰা ছেপ্টেম্বৰলৈকে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ কৰ্মচাৰীবৰ্গৰ সময়োচিত ব্যৱস্থা গ্ৰহণৰ ফলত ইয়াৰ বিভিন্ন মণ্ডলত মুঠ ২৫৫ টা হাতীৰ জীৱন ৰক্ষা কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আলিপুৰদুৱাৰ মণ্ডলত ১০৬ টা, ৰঙিয়া মণ্ডলত ১৪ টা, লামডিং মণ্ডলত ১২২ টা আৰু তিনিচুকীয়া মণ্ডলত ১৫ টা হাতীৰ জীৱন ৰক্ষা কৰা হয়।
সংবেদনশীল অঞ্চলসমূহত হাতী-ৰে’লৰ সংঘৰ্ষ প্ৰতিৰোধৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেই কেইবাটাও সক্ৰিয় আৰু প্ৰযুক্তি আধাৰিত ব্যৱস্থা গ্ৰহণ কৰি আহিছে। ইয়াৰ ভিতৰত ডিষ্ট্ৰিবিউটেড একিউষ্টিক চিষ্টেম (ডিএএছ)প্ৰযুক্তি ব্যৱহাৰ কৰি এআই ভিত্তিক অনুপ্ৰৱেশ চিনাক্তকৰণ পদ্ধতি (আইডিএছ) স্থাপন কৰা হৈছে, যিয়ে ৰে’লপথৰ আশে পাশে হাতীৰ গতিবিধিৰ বিষয়ে ৰিয়েল টাইমৰ আধাৰত সতৰ্কবাৰ্তা প্ৰেৰণ কৰে। হাতীৰ উপস্থিতিৰ তথ্যৰ ভিত্তিত নিশাৰ সময়ত সাময়িকভাৱে ৰে’লৰ গতিবেগ নিয়ন্ত্ৰণ, বৰ্ধিত পেট্ৰোলিং, ৰে’লৰ চালকসকলক লগতে অন্যান্য কৰ্মচাৰীসকলক সজাগ কৰা, সতৰ্কতামূলক চাইনেজ স্থাপন, ঘাঁহ বনৰ পৰিষ্কাৰকৰণ আৰু বন বিভাগৰ সৈতে ৰিয়েল টাইমৰ ভিত্তিত সমন্বয় সাধনেৰে গ্ৰহণ কৰা প্ৰতিৰোধমূলক ব্যৱস্থাসমূহো অন্তৰ্ভুক্ত আছে। হাতীক ৰে’লপথৰ পৰা দূৰৈত ৰখাৰ বাবে পৰিৱৰ্ধিত মৌমাখিৰ শব্দ ব্যৱহাৰ কৰি ‘প্লেন বি’ ব্যৱস্থাও সংবেদনশীল স্থানসমূহত স্থাপন কৰা হৈছে। ইয়াৰ উপৰি, বন্যপ্ৰাণীৰ অধিক সুৰক্ষিত চলাচলৰ সুবিধা প্ৰদান কৰাৰ লগতে হাতীক ৰে’লপথৰ পৰা দূৰৈত ৰখাৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেই চিনাক্ত কৰা স্থানসমূহত আণ্ডাৰপাছ নিৰ্মাণৰ কামো গ্ৰহণ কৰিছে।
ৰে’লপথৰ কাষত খাদ্যৰ আৱৰ্জনা পেলোৱাৰ ফলত হাতী আৰু অন্যান্য বন্যপ্ৰাণী আকৰ্ষিত হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে এনে ঘটনা প্ৰতিৰোধৰ বাবে উত্তৰ-পূব সীমান্ত ৰেলৱেই ৰে’লৰ চালক আৰু অন্যান্য কৰ্মচাৰী, পেণ্ট্ৰি কাৰৰ কৰ্মচাৰী আৰু যাত্ৰীসকলক নিয়মীয়াকৈ সজাগ কৰি আহিছে। হাতীৰ গতিবিধি ধৰা পৰাৰ লগে লগে সময়োচিত ব্যৱস্থা গ্ৰহণৰ বাবে বন বিভাগৰ সৈতে অবিৰতভাৱে সমন্বয় আৰু বাস্তৱ সময়ৰ যোগাযোগেও সহায় কৰিছে।
ৰে’ল-হাতীৰ সংঘৰ্ষৰ সৈতে জড়িত সকলো ঘটনাক অত্যন্ত গুৰুত্বসহকাৰে লোৱা হয় লগতে নিৰ্ধাৰিত সুৰক্ষা পদ্ধতি অনুসৰি তদন্ত কৰা হয়। উত্তৰ-পূৰ্বাঞ্চলত ৰে’ল সেৱাৰ সুৰক্ষিত আৰু দক্ষ পৰিচালন নিশ্চিত কৰাৰ লগতে হাতীৰ সুৰক্ষা সুনিশ্চিত কৰাৰ অৰ্থে উত্তৰ-পূব সীমান্ত ৰেলৱেই প্ৰযুক্তিভিত্তিক নিৰীক্ষণ ব্যৱস্থা, উচ্চ পৰ্যায়ৰ সতৰ্কতা আৰু বন্যপ্ৰাণী কৰ্তৃপক্ষৰ সৈতে সমন্বয় অবিৰতভাৱে অধিক শক্তিশালী কৰি তুলিছে।
