থাং-টাত স্বৰ্ণৰ পিছতে আছাম বিশ্ববিদ্যালয়ৰ ব্ৰঞ্জ জয়

Public Talks
0


, শিলচৰ, ২৭অক্টোবৰ: সৰ্বভাৰতীয় আন্তঃবিশ্ববিদ্যালয় থাং-টা চেম্পিয়নশ্বিপত একেৰাহে দুদিনত স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক জয়েৰে উল্লেখনীয় সফলতা অৰ্জন কৰিছে আছাম বিশ্ববিদ্যালয়ে। সোমবাৰে স্বৰ্ণপদক জয় কৰাৰ পিছত মঙলবাৰে বিশ্ববিদ্যালয়ৰ পদকৰ তালিকাত আন এটা ব্ৰঞ্জৰ পদক সংযোজিত হয়।

সোমবাৰে ইম্ফলত অনুষ্ঠিত প্ৰতিযোগিতাৰ প্ৰথম দিনা আছাম বিশ্ববিদ্যালয়ৰ প্ৰতিযোগী তাইবাং ঙানবা সাগাপামে দুৰ্দান্ত প্ৰদৰ্শনেৰে স্বৰ্ণপদক অৰ্জন কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ ক্লাষ্টাৰ বিশ্ববিদ্যালয়ক ২২-৩ পইণ্টত আৰু ছেমিফাইনেলত মণিপুৰ বিশ্ববিদ্যালয়ক ১৭-৭ পইণ্টত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে। ফাইনেলত ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ক ১২-৯ পইণ্টত পৰাস্ত কৰি তেওঁ স্বৰ্ণপদক নিশ্চিত কৰে।

আনহাতে, মঙলবাৰে পুৰুষৰ ফুনাবা আমা (৬২ কিলোগ্ৰাম) শাখাত কন্থৌজাম লামগানবা মেইতেই ব্ৰঞ্জৰ পদক অৰ্জন কৰে। কোৱাৰ্টাৰ ফাইনেলত তেওঁ চেন্নাইৰ এমজিআৰ বিশ্ববিদ্যালয়ক ২৯-১৪ পইণ্টত পৰাস্ত কৰি ছেমিফাইনেলত প্ৰৱেশ কৰে। অৱশ্যে, ছেমিফাইনেলত কাশ্মীৰ বিশ্ববিদ্যালয়ৰ হাতত ১৫-১৮ পইণ্টত পৰাস্ত হোৱাৰ ফলত তেওঁ ব্ৰঞ্জৰ পদকতে সন্তুষ্ট থাকিবলগীয়া হয়।

দলটোৱে প্ৰশিক্ষক এম. বিশন্ত সিং আৰু মেনেজাৰ কে. আনন্দ কুমাৰ সিঙৰ তত্ত্বাৱধানত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে।
একেৰাহে দুদিনত স্বৰ্ণ আৰু ব্ৰঞ্জৰ পদক জয়ৰ এই সাফল্যই ৰাষ্ট্ৰীয় পৰ্যায়ত থাং-টা খেলত আছাম বিশ্ববিদ্যালয়ৰ খেলুৱৈসকলৰ দক্ষতা, প্ৰতিভা আৰু সম্ভাৱনাক পুনৰ এবাৰ প্ৰতিফলিত কৰিছে।
Tags

Post a Comment

0Comments

Post a Comment (0)