যোৱা ২৬ আগষ্টত নেপালৰ ভোটেকোশী আৰু ত্ৰিশূলী নদীত অহা হঠাৎ বানৰ ফলত বহু শ্ৰমিক সুৰংগত আৱদ্ধ হৈ পৰে। এতিয়াও ৯০০ৰো অধিক লোক সন্ধানহীন।
শুকুৰবাৰে নেপাল সেনাই ত্ৰিশূলী জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগৰ পৰা সঞ্জয় শ্বাহ আৰু কবীৰ মহাজনক ৯ দিন পিছত জীৱিত অৱস্থাত উদ্ধাৰ কৰে। ইয়াৰ উপৰি ত্ৰিশূলী বজাৰ অঞ্চলৰ পৰা তিনিজন ভাৰতীয়কো উদ্ধাৰ কৰা হয়, যাৰ ভিতৰত পাঁচ বছৰীয়া শিশুও আছে।
ন দিন অন্ধকাৰ সুৰংগত কটোৱাৰ পিছত জীৱন ঘূৰাই পোৱা শ্ৰমিকসকলৰ উদ্ধাৰে সন্ধানহীন লোকৰ পৰিয়াললৈ নতুন আশাৰ সঞ্চাৰ কৰিছে। “আশা কেতিয়াও এৰি দিব নালাগে”—এই ঘটনাই যেন সেই বাৰ্তাই দিলে।
