আদানী গোষ্ঠীৰ হাতত অসমৰ ডিমা হাছাওৰ ২১২২ বিঘা মাটি...

Public Talks
0


ডিমা হাছাও, ১০ ছেপ্টেম্বৰঃ
উদ্যোগীকৰণৰ নামত ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদে আদানী গোষ্ঠীৰ অম্বুজা চিমেণ্টক ২১২২ বিঘা ভূমি আৱণ্টন দিয়াক লৈ ব্যাপক চৰ্চা চলিছে। ভূমি আৱণ্টনৰ বিষয়টোক কেন্দ্ৰ কৰি বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হোৱাৰ লগতে এই সন্দৰ্ভত অভিযোগো উত্থাপিত হৈছে।

অভিযোগ অনুসৰি, ২০২৫ চনৰ ৫ আগষ্টত চোট’ লক্ষিনদং গাঁৱত ৭৫০ বিঘা ভূমি ১৫ কোটি টকাৰ বিনিময়ত আৰু বৰ’ লক্ষিনদং ডাঙত ১৩৭২ বিঘা ভূমি ২০ কোটি ৫৮ লাখ টকাৰ বিনিময়ত আৱণ্টন দিয়া হয়। উদ্যোগীকৰণৰ নামত এই বৃহৎ পৰিমাণৰ ভূমি আৱণ্টনক লৈ এতিয়া বিভিন্ন মহলত আলোচনা অব্যাহত আছে।

ইফালে, উমৰাংছুত মুঠ ৯ হাজাৰ বিঘা ভূমি আৱণ্টন দিয়াৰ বিষয়টোক লৈও প্ৰশ্ন উত্থাপন হৈছে। এই ভূমি আৱণ্টনৰ ক্ষেত্ৰত আইন-নীতি উলংঘন কৰাৰ অভিযোগ উত্থাপন কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থজড়িত গোচৰ দাখিল কৰা হৈছে।

বিষয়টো বিধানসভাতো উত্থাপন কৰিছে বিৰোধী দলপতি ৱাজেদ আলি চৌধুৰীয়ে। ডিমা হাছাওত বৃহৎ পৰিমাণৰ ভূমি আৱণ্টনক কেন্দ্ৰ কৰি উত্থাপিত অভিযোগ আৰু প্ৰশ্নসমূহে এতিয়া ৰাজ্যৰ ৰাজনৈতিক আৰু প্ৰশাসনিক মহলত বিশেষ গুৰুত্ব লাভ কৰিছে।

Tags

Post a Comment

0Comments

Post a Comment (0)