কাৰ্বি আংলং: আদা খেতি সন্দৰ্ভত কৰা গৱেষণাৰ বাবে কাৰ্বি আংলং জিলাৰ লাংহিন তিনিআলিৰ লৈথৌমা বসুমতাৰীয়ে পি এইচ ডি ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁৰ গৱেষণাৰ বিষয় আছিল “Ginger Cultivation among the Tribal Communities of Karbi Anglong District, Assam”।
কাৰ্বি আংলং জিলাৰ জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত আদা খেতিৰ প্ৰচলন, কৃষি পদ্ধতি, উৎপাদন আৰু ইয়াৰ সৈতে জড়িত বিভিন্ন দিশক কেন্দ্ৰ কৰি তেওঁ গৱেষণা সম্পন্ন কৰে। তেওঁৰ এই সাফল্যই অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ লগতে কৃষিভিত্তিক গৱেষণাৰ ক্ষেত্ৰতো এক ইতিবাচক বাৰ্তা কঢ়িয়াই আনিছে।
