নিজৰ সিদ্ধান্তক লৈ আজিও আক্ষেপ অভিনেত্ৰীৰ
মুম্বাই: বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীনা কপূৰ খানে জীৱনৰ এটা সিদ্ধান্তক লৈ আজিও আক্ষেপ কৰে। একাদশ শ্ৰেণীৰ পিছতে পঢ়া-শুনা এৰি অভিনয় জগতত প্ৰৱেশ কৰাৰ সিদ্ধান্তই এতিয়াও তেওঁক ভাবিবলৈ বাধ্য কৰে বুলি শেহতীয়াকৈ এক সাক্ষাৎকাৰত প্ৰকাশ কৰে অভিনেত্ৰীগৰাকীয়ে।
কৰীনাই কয় যে সেই সময়ত নিজৰ মনৰ কথা শুনি অভিনয়ক বাছি লৈছিল যদিও পঢ়াশোনা সম্পূৰ্ণ নকৰাৰ আক্ষেপ তেওঁৰ মনত ৰৈ গৈছে। নিজৰ অভিজ্ঞতাৰ পৰাই দুই পুত্ৰ তৈমুৰ আৰু জেহক প্ৰথমে পঢ়াশোনা সম্পূৰ্ণ কৰিবলৈ পৰামৰ্শ দিয়ে অভিনেত্ৰীগৰাকীয়ে।
কৰীনাৰ মতে, নিজৰ পছন্দৰ ক্ষেত্ৰ বাছি লোৱাৰ আগতে শিক্ষাজীৱন সম্পূৰ্ণ কৰাটো গুৰুত্বপূৰ্ণ। সমাজসেৱাৰ সন্দৰ্ভতো কৰীনাই কয় যে ভাল কাম প্ৰচাৰৰ বাবে নহয়, নিজৰ বিশ্বাস আৰু ইচ্ছাৰ পৰাই কৰা উচিত। তেওঁৰ মতে, কথাতকৈ কামেই অধিক গুৰুত্বপূৰ্ণ।
