অসমত গুণগত মান আৰু হলমাৰ্কিং ব্যৱস্থা শক্তিশালী কৰাৰ তৎপৰতা
অসমত গুণগত মানৰ পৰিৱেশতন্ত্ৰ আৰু হলমাৰ্কিং ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ তৃতীয়খন বৈঠক অনুষ্ঠিত হয়। ২৯ আগষ্টত অসম চৰকাৰৰ মুখ্য সচিব ড° ৰবি কোটা, আইএএছৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকখনত বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হয়।
বৈঠকত ভাৰতীয় মানদণ্ডৰ ব্যাপক গ্ৰহণ, গুণগত আন্তঃগাঁথনি শক্তিশালীকৰণ, হলমাৰ্কিং, গ্ৰাহক সজাগতা আৰু গুণগত নিয়ন্ত্ৰণ আদেশৰ ফলপ্ৰসূ ৰূপায়ণৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়।
লগতে গুৱাহাটীত BIS পৰীক্ষাগাৰৰ সুবিধা বৃদ্ধি আৰু সোণ-ৰূপৰ গহনা তথা শিল্পকৰ্মৰ বাবে Referral Assay Laboratory স্থাপনৰ বিষয়েও আলোচনা কৰা হয়। ছাত্ৰ-ছাত্ৰী, মহিলা আৰু সাধাৰণ ৰাইজৰ মাজত গুণগত মান আৰু সুৰক্ষাৰ বিষয়ে সজাগতা বৃদ্ধিৰ বাবেও বিভিন্ন পদক্ষেপ গ্ৰহণৰ ওপৰত গুৰুত্ব দিয়া হয়।
বৈঠকত BISৰ জ্যেষ্ঠ বিষয়াসকলৰ লগতে অসম চৰকাৰৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, আইনী পৰিমাপ, উদ্যোগ আৰু বাণিজ্য, জনস্বাস্থ্য অভিযান্ত্ৰিক আৰু গড়কাপ্টানি বিভাগৰ বিষয়াসকলে অংশগ্ৰহণ কৰে।
