ঔষধ ক্ৰয়ত সাৱধান!

Public Talks
0



গুৱাহাটী:
ফাৰ্মাচীৰ পৰা ঔষধ ক্ৰয় কৰাৰ সময়ত গ্ৰাহকক সাৱধান হ’বলৈ আহ্বান জনাইছে আছাম ড্ৰাগছ ডিলাৰ্ছ এছ’চিয়েশ্যনে। এছ’চিয়েশ্যনৰ অভিযোগ অনুসৰি, ৰাজ্যৰ বজাৰত একাংশ নিম্নমানৰ বা সন্দেহজনক ঔষধ বিক্ৰী হোৱাৰ আশংকা আছে।

এছ’চিয়েশ্যনে লগতে দাবী কৰিছে যে, NPPA আৰু DPCO-এ নিৰ্ধাৰণ কৰা মূল্যতকৈ কম মূল্যত একাংশ ঔষধ বিক্ৰী কৰা হৈছে, যাৰ আঁৰত অনিয়মৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে। তথ্য-প্ৰমাণসহ অভিযোগ দাখিল কৰাৰ পিছতো সংশ্লিষ্ট ঔষধ নিয়ন্ত্ৰক কৰ্তৃপক্ষই পৰ্যাপ্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰে এছ’চিয়েশ্যনে।

জনস্বাস্থ্যৰ স্বাৰ্থত বিষয়টো গুৰুত্বসহকাৰে তদন্ত কৰি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ দাবী জনাইছে সংগঠনটোৱে।

Tags

Post a Comment

0Comments

Post a Comment (0)