জলবায়ু পৰিৱৰ্তনৰ প্ৰত্যাহ্বান মোকাবিলা কৰাৰ লক্ষ্যৰে সোমবাৰৰ পৰা তুৰস্কৰ আন্টালিয়াত আৰম্ভ হৈছে ৰাষ্ট্ৰসংঘৰ জলবায়ু সন্মিলন COP31। সন্মিলনত বিশ্বৰ বিভিন্ন দেশৰ প্ৰতিনিধিয়ে কাৰ্বন নিৰ্গমন হ্ৰাস, জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মোকাবিলা আৰু ক্ষতিগ্ৰস্ত দেশসমূহক আৰ্থিক সহায় আগবঢ়োৱাৰ বিষয়ত আলোচনা কৰিব।
