এপ্ৰিল-জুনৰ ৫.৪ শতাংশৰ পৰা জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকত ৫.১ শতাংশলৈ হ্ৰাস নিবনুৱাৰ হাৰ
নতুন দিল্লী, ১০ নৱেম্বৰঃ দেশৰ কৰ্মসংস্থাপনৰ ক্ষেত্ৰত কিছু ইতিবাচক পৰিৱৰ্তনৰ ইংগিত পোৱা গৈছে। ২০২৬ চনৰ জুলাইৰ পৰা ছেপ্টেম্বৰলৈকে দেশত নিবনুৱাৰ হাৰ ৫.১ শতাংশলৈ হ্ৰাস পাইছে। ইয়াৰ পূৰ্বে এপ্ৰিল-জুন ত্ৰিমাসিকত এই হাৰ আছিল ৫.৪ শতাংশ। কেন্দ্ৰীয় চৰকাৰৰ পৰিসংখ্যা আৰু কাৰ্যসূচী ৰূপায়ণ মন্ত্ৰালয়ে প্ৰকাশ কৰা শেহতীয়া পিৰিয়ডিক লেবাৰ ফৰ্চ ছাৰ্ভে (PLFS)-ৰ ত্ৰিমাসিক প্ৰতিবেদনত এই তথ্য প্ৰকাশ পাইছে।
প্ৰতিবেদন অনুসৰি, ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকসকলৰ মাজত নিবনুৱাৰ হাৰ পূৰ্বৰ ত্ৰিমাসিকৰ তুলনাত ০.৩ শতাংশ পইণ্ট হ্ৰাস পাইছে। বিশেষকৈ গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ হ্ৰাস পোৱাটো এই পৰিৱৰ্তনৰ অন্যতম কাৰণ হিচাপে পৰিলক্ষিত হৈছে। গ্ৰামাঞ্চলত নিবনুৱাৰ হাৰ পূৰ্বৰ ৪.৮ শতাংশৰ পৰা হ্ৰাস পাই ৪.৩ শতাংশ হৈছে। অৱশ্যে নগৰাঞ্চলত নিবনুৱাৰ হাৰ সামান্য বৃদ্ধি পাইছে। পূৰ্বৰ ৬.৭ শতাংশৰ বিপৰীতে বৰ্তমানৰ ত্ৰিমাসিকত নগৰাঞ্চলত এই হাৰ ৬.৮ শতাংশ হৈছে।
আনহাতে, দেশত শ্ৰমশক্তিত অংশগ্ৰহণৰ হাৰো বৃদ্ধি পাইছে। ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ লোকৰ সামগ্ৰিক শ্ৰমশক্তি অংশগ্ৰহণৰ হাৰ (LFPR) পূৰ্বৰ এপ্ৰিল-জুন ত্ৰিমাসিকৰ ৫৪.৬ শতাংশৰ পৰা বৃদ্ধি পাই জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকত ৫৫.৫ শতাংশ হৈছে। গ্ৰামাঞ্চলত এই হাৰ ৫৬.৯ শতাংশৰ পৰা ৫৮.১ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে নগৰাঞ্চলত ৫০.২ শতাংশৰ পৰা সামান্য বৃদ্ধি পাই ৫০.৪ শতাংশ হৈছে।
মহিলাৰ শ্ৰমশক্তিত অংশগ্ৰহণৰ ক্ষেত্ৰতো উন্নতিৰ তথ্য প্ৰকাশ পাইছে। দেশত মহিলাৰ সামগ্ৰিক শ্ৰমশক্তি অংশগ্ৰহণৰ হাৰ পূৰ্বৰ ৩৩.২ শতাংশৰ পৰা বৃদ্ধি পাই ৩৪.৭ শতাংশ হৈছে। একেদৰে কৰ্মৰত জনসংখ্যাৰ অনুপাত (WPR) ৫১.৭ শতাংশৰ পৰা বৃদ্ধি পাই ৫২.৭ শতাংশ হৈছে। গ্ৰামাঞ্চলত এই অনুপাত ৫৪.২ শতাংশৰ পৰা ৫৫.৬ শতাংশলৈ বৃদ্ধি পোৱাৰ বিপৰীতে নগৰাঞ্চলত ৪৬.৮ শতাংশৰ পৰা সামান্য বৃদ্ধি পাই ৪৬.৯ শতাংশ হৈছে।
কৰ্মসংস্থাপনৰ ক্ষেত্ৰত গ্ৰামাঞ্চলত কৃষিখণ্ডৰ অংশগ্ৰহণ বৃদ্ধি পোৱাও প্ৰতিবেদনখনৰ আন এক উল্লেখযোগ্য দিশ। ২০২৬ চনৰ এপ্ৰিল-জুন ত্ৰিমাসিকত গ্ৰামাঞ্চলৰ কৰ্মৰত লোকসকলৰ ভিতৰত কৃষিখণ্ডত নিয়োজিত লোকৰ অনুপাত আছিল ৫২.৯ শতাংশ। জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকত এই অনুপাত বৃদ্ধি পাই ৫৬.৭ শতাংশ হৈছে। একেদৰে গ্ৰামাঞ্চলত আত্মনিয়োজিত লোকৰ অনুপাত ৬১.৪ শতাংশৰ পৰা বৃদ্ধি পাই ৬২.৭ শতাংশ হৈছে।
নগৰাঞ্চলত নিয়মীয়া দৰমহাভিত্তিক কৰ্মসংস্থাপনৰ ক্ষেত্ৰতো সামান্য বৃদ্ধি দেখা গৈছে। পূৰ্বৰ ত্ৰিমাসিকৰ ৪৯.৩ শতাংশৰ তুলনাত জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকত এই অনুপাত ৪৯.৬ শতাংশলৈ বৃদ্ধি পাইছে। আনহাতে, গ্ৰামাঞ্চল আৰু নগৰাঞ্চল উভয়তে দৈনিক মজুৰিভিত্তিক শ্ৰমিকৰ অনুপাত হ্ৰাস পোৱাৰ তথ্য প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০২৬ চনৰ জুলাই-ছেপ্টেম্বৰ ত্ৰিমাসিকত দেশত ১৫ বছৰ আৰু তাতকৈ অধিক বয়সৰ কৰ্মৰত লোকৰ গড় সংখ্যা প্ৰায় ৫৭.৯ কোটি। ইয়াৰ ভিতৰত পুৰুষৰ সংখ্যা ৪০.৫ কোটি আৰু মহিলাৰ সংখ্যা ১৭.৪ কোটি বুলি অনুমান কৰা হৈছে।
উল্লেখ্য যে, ৰাষ্ট্ৰীয় পৰিসংখ্যা কাৰ্যালয়ৰ (NSO) অধীনত প্ৰস্তুত কৰা PLFS-ৰ এই প্ৰতিবেদনত সমগ্ৰ দেশৰ গ্ৰামাঞ্চল আৰু নগৰাঞ্চলৰ শ্ৰমবজাৰৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে। বৰ্তমানৰ ত্ৰিমাসিকৰ পৰিসংখ্যা ৫,৫৫,৫৯৩গৰাকী ব্যক্তিৰ পৰা সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত প্ৰস্তুত কৰা হৈছে। এই পৰিসংখ্যাই দেশৰ কৰ্মসংস্থাপন, শ্ৰমশক্তিত অংশগ্ৰহণ আৰু নিবনুৱাৰ শেহতীয়া পৰিস্থিতিৰ এক সামগ্ৰিক ছবি দাঙি ধৰিছে।
